শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা ২০২০ বর্ষৰ বৰ্ণকুটীৰ বঁটা প্ৰদান

শিৱসাগৰ স্থিত বৰ্ণকুটীৰ আটিষ্ট ভিলেইজৰ বৰ্ণকুটীৰ প্ৰেক্ষাগৃহত যোৱা ১৮ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত এখন সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই শিৱসাগৰৰ চাৰিং দুৱৰা পাৰাৰ নিবাসী বিশিষ্ট সাংবাদিক, লেখক তথা আদৰ্শ কৃষক মহেন্দ্ৰ দুৱৰা আৰু তেখেতৰ সহধৰ্মিনী বৰ্ণালী বৰুৱাক ২০২০ বৰ্ষৰ বৰ্ণকুটীৰ বঁটা প্ৰদাণ কৰে। বঁটা প্ৰদান কৰি উপায়ুক্ত গৰাকীয়ে অসমৰ গ্ৰাম্য আৰু প্ৰাচীন শিল্প কলাৰ বিকাশ প্ৰচাৰ প্ৰসাৰৰ মাধ্যমেৰে অসমৰ অথনীতি সবল কৰাৰ পোষকতা কৰাৰ লগতে বৰ্ণকুটীৰ আৰ্টিষ্ট ভিলেইজৰ কাম কাজৰ শলাগ লয়।
আটিষ্ট ভিলেইজৰ সভাপতি তথা প্ৰাক্তন জিলা পশুপালন তথা পশুচিকিৎসা বিষয়া ডাঃ খনীন্দ্ৰ দেৱ গোস্বামীয়ে আঁত ধৰা সভাত প্ৰথমে এটি বৃক্ষ ৰূপনেৰে শুভাৰম্ভ কৰা হয় । অনুষ্ঠানৰ উদ্দেশ্য ব্যখ্যা আৰু বৰ্ণকুটীৰৰ ইতিহাসৰ সম্পৰ্কে বক্তব্য আগবঢ়ায় আটিষ্ট ভিলেইজৰ সচিব সুজিত বৰুৱাই । সভাত বঁটা পাপক মহেন্দ্ৰ দুৱৰা আৰু বৰ্ণালী বৰুৱাই বক্তব্য আগবঢ়ায়।

Comments (0)
Add Comment