সত্ৰীয়া সংস্কৃতিত মুগ্ধ হৈ মুখাশিল্পৰ প্ৰশিক্ষণ ল’লে বিদেশী পৰ্যটকে

মুখাশিল্পৰ বাবে মাজুলী বিখ্যাত ।প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকে সেয়েহে সত্ৰ সমূহত ভিৰ কৰা পৰিলক্ষিত হয় ।প্ৰসংগক্ৰমে উল্লেখযোগ্য যে যোৱা বছৰৰ তুলনাত চলিত বৰ্ষত মুখাশিল্প দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে।এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি চলিত বৰ্ষত মাজুলীৰ সত্ৰত ১৬হাজাৰো অধিক পৰ্যটকে মুখা শিল্পৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।অলপতে ফ্ৰান্সৰ আথ্ৰৰ আৰু দিল্লীৰ লীলী নামৰ যুৱতী গৰাকীয়ে নতুন চামগুৰি সত্ৰত মুখা শিল্পৰ প্ৰশিক্ষণ সম্পন্ন কৰিছে।জানিব পৰা মতে তেওঁলোকে দিনত ২টা অতি মানৱ চৰিত্ৰৰ মুখা নিৰ্মাণ কৰিছে।স্মতব্য যে ইতিপূৰ্বেও সত্ৰখন ইজৰাইল, জাৰ্মানী, ফ্ৰান্স, অষ্ট্ৰেলিয়াৰ পৰা অহা পৰ্যটকে মুখাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।বিদেশী পৰ্যটক সমূহক আকৰ্ষণৰ বাবে সত্ৰ সমাজে মুখা ভাওনাও প্ৰদৰ্শন কৰে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment