সফলতাৰ আৰু উন্নতিৰ দিশে এখোজ

৬ নৱেম্বৰ ২০১৬ । অসমবাসী গৌৰাম্বিত হ’ব পৰা এটা বিশেষদিন। এই দিনটো তেই সংবাদ শীৰ্ষ দখল কৰিলে তিনিটাকৈ সুখবৰ । অসমত স্থাপন হ’ল পতঞ্জলিৰ হাৰ্বেল আৰু মেগাফুড পাৰ্কৰ শিলান্যাস। উল্লেখযোগ্য যে তেজপুৰৰ ঘোঁৰামাৰীত ৪৫০ বিঘা মাটিত যোগ গুৰু ৰামদেৱৰ হাৰ্বেল আৰু মেগাফুড পাৰ্কৰ শুভাৰম্ভ হয়। ইয়াৰ জড়িয়তে ৰাজ্যৰ নিবনুৱাৰ লগতে কৃষক ৰাইজ, উপকৃত হ’ব বুলি আশা কৰা হৈছে। স্মতৰ্ব্য যে অসম গৌৰৱ এৰী কাপোৰ আৰু বাঁহেৰে নিৰ্মিত আচবাবৰ ব্যৱসায়ক এই উদ্যোগৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্য্যায়ত লৈ যোৱাৰ প্ৰয়াস কৰা হ’ব বুলি ৰামদেৱে সদৰী কৰে। উক্ত অনুষ্ঠান বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

আনহাতে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন কলেজ সৰ্বভাৰতীয় পৰ্য্যায়ত উজলি উঠা প্ৰসংগই সকলোকে আনন্দিত কৰি তুলিছে। উল্লেখযোগ্য যে কটন কলেজ সৰ্বভাৰতীয় তালিকাত তৃতীয়স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইতিপূৰ্বে National Assessment and Accreditation Council (NAAC) ৰ সমীক্ষাত কটন কলেজে A++ গ্ৰেড পাবলৈ সক্ষম হৈছিল।

শুৱালকুছি বস্ত্ৰশিল্পলৈ এটি সুখবৰ। ঐতিহাসিক শুৱালকুছিৰ বস্ত্ৰশিল্পই পাইছে প্ৰকৃত মৰ্য্যাদা । বহিৰাগত অসাধু ব্যৱসায়ীয়ে যাতে শুৱালকুছি বস্ত্ৰশিল্পৰ নাম লৈ ব্যৱসায় কৰিব নোৱাৰে তাৰ বাবে ট্ৰেড মাৰ্ক (Trade Mark) স্বীকৃতি পাইছে।

এনেধৰণৰ সুখবৰে বস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত সকলোকে আনন্দিত কৰি তুলিছে ।

প্ৰিয় পাঠক, NEFOCUS.com ৰ আৰম্ভ কৰা হৈছিল ভাল খবৰৰ অৰ্থাৎ সুখবৰৰ আঁত ধৰি । আমাৰ যাত্ৰা অব্যাহত থাকিব । তাৰ বাবে চাই থাকিব www.nefocus.com.

 

Comments (0)
Add Comment