সমন্বয়ৰ বতৰা দিলে ঈদে

 

আজি পৱিত্ৰ ঈদ। ইছলামধৰ্মীয় লোকসকলে ধৰ্মীয় নিয়ম অনুসৰি এমাহযোৰা ৰমজানৰ ৰোজা ৰখাৰ পিছত এই উৎসৱ উদযাপন কৰা হয়। দুখীয়া লোকক দান কৰিলে আল্লা সন্তুষ্ট হয় আৰু আশীৰ্বাদ দিয়ে বুলি ইছলাম ধৰ্মত বিশ্বাস আছে। সেয়ে ঈদৰ সময়ত ধনী শ্ৰেণীৰ লোক সকলে দুখীয়া সকলক দান কৰে, নতুন কাপোৰ দিয়ে দুখীয়া জনৰ মুখতো হাঁহি বিৰিঙাব চেষ্টা কৰে।


 

ঈদ উপলক্ষে পুৱাৰ পৰা ঈদগাহ মজিদ আদিত ঈদৰ নামাজ পঢ়িবৰ বাবে সৰুৰ পৰা ডাঙৰলৈ ভিৰ কৰা পৰিলক্ষিত হয়। ইয়াৰ ওপৰিও মহানগৰীৰ ভিন্ন ঠাইত ঈদ উপলক্ষে ভাতৃত্ব বোধৰ চানেকি দেখিবলৈ পোৱা গ’ল। কেৱল যে মুছলমান সকলৰ মাজতে ঈদৰ উল্লাহ দেখিবলৈ পোৱা যায় এনে নহয়, হিন্দু ধৰ্মালম্বী লোক সকলৰ মাজতো ইয়াৰ উল্লাহ পৰিলক্ষিত হয়। ইপিনে ঈদ উপলক্ষে বিভিন্ন দল সংগঠনে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্য খনত শান্তি শৃংখলা বজাই ৰাখিবলৈ সকলোকে অনুৰোধ জনায়। 

ইফালে দেৰগাওঁ নাহৰণি মাজগাঁৱত দেখা গ’ল ঈদৰ মাজতে এক ব্যতিক্ৰমী পদক্ষেপ। কাৰ্বিআংলঙৰ ডকমকাত সংঘটিত হোৱা জঘন্য হত্যাকাণ্ডত অকালতে প্ৰাণ হেৰুওৱা দুই অসম সন্তান নিলোৎপল আৰু অভিজিৎৰ আত্মাৰ শান্তি বিচাৰি ৰোপন কৰিলে দুটাকৈ গছ পুলি। মাজগাওঁ শিক্ষা সংস্কৃতি উন্নয়ন সমিতিৰ অনুষ্ঠান সজাগ গোষ্ঠীৰ উদ্যোগত ঈদৰ উপলক্ষে আয়োজন কৰিলে এই বৃক্ষৰোপনৰ বিশেষ কাৰ্য্যসূচী। মাজগাওঁ জামে মছজিদত পুৱাৰ ভাগত ঈদৰ সমুহীয়া নামাজ আদায় কৰি বৃহত্তৰ নাহৰণি অঞ্চলত নাহৰৰ পুলি ৰোৱাত ব্যস্ত হৈ পৰিছে অঞ্চলবাসী। জীৱশ্ৰেষ্ঠৰ মাজত এনে দানৱীয় ঘটনা আৰু হিংসা নিশেষ হোৱাৰ আশাৰে সমূহীয়াকৈ দোৱা মাগিলে সকলোৱে।

Comments (0)
Add Comment