সাংস্কৃতিক মহাসভা অসমৰ বঁটা প্ৰদানৰ অনুষ্ঠান

সাংস্কৃতিক মহাসভা অসমে অসমৰ কলা সংস্কৃতিৰ লগত জৰিত বহুকেইগৰাকী ব্যক্তিক আজি বঁটা প্ৰদান কৰে।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক গীতৰত্ন, জুবলি বৰুৱাক সংগীত কুঁৱৰী, বিপিন চাউদাঙক সংগীত সৌৰভ, নীল আকাশক সংগীত কোঁৱৰ,বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ শৰ্মা কে কেক ৰসৰত্ন উপাধি প্ৰদান কৰে।এই অনুষ্ঠানত মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী উপস্থিত থাকে।উল্লেখযোগ্য যে সাংস্কৃতিক মহাসভা অসমৰ সম্পাদক ত্ৰৈলোক্য দত্তই এই বঁটা সমূহ প্ৰদান কৰে ।

Comments (0)
Add Comment