সাহিত্য আৰু সংস্কৃতিৰ এক বিশেষ দিন

সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ঐক্যতান বঁটা প্ৰদান কৰা হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ ভাৱে প্ৰদৰ্শিতা দেখুওৱা সকলক সন্মিলনৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়। কবি নীলমণি ফুকনলৈ জীৱনজোৰা সাধনা বঁটা, কিশোৰ কুমাৰ দাসলৈ বিশেষ সাহিত্য সন্মান, শ্ৰেষ্ঠ সাংবাদিক বঁটা নৱ কুমাৰ শৰ্মাৰ লগতে বহু কেইগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

ৰঙালী বিহুৰ উপলক্ষ্যে দীঘলী পুখুৰীৰ পাৰত সাংবাদিকৰ মুকলি বিহু অনুষ্ঠিত হয়। পতাকা উত্তোলনেৰে বিহুৰ অনুষ্ঠানৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন কৰে জেষ্ঠ্য সাংবাদিক বিদ্যুৎ কুমাৰ ভুঞা আৰু মণ্টু শইকীয়াই। ইয়াৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। বিভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে সাংবাদিক সকলে বিহুগীত, হুচৰি, নাচত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে সদাব্যস্ত সাংবাদিক সকলে এনে ধৰণৰ অনুষ্ঠানৰ যোগেদি ৰঙালীৰ ৰং আনন্দ মত্ত হোৱা দেখা যায়।

Comments (1)
Add Comment
  • DwipenDeka

    Very good.go ahead