সুখবৰ ! সুখবৰ !

গ্ৰন্থ প্ৰেমীসকললৈ সুখবৰ

 

ভাৰতবৰ্ষৰ ৫৬০০ পুথিভঁড়ালৰ লগতে বিশ্বৰ আঠখন দেশৰ পুথিভঁড়ালৰ সৈতে প্ৰত্যক্ষভাবে সংযোগ স্থাপন হ’ব উত্তৰ পূব ভাৰতৰ গ্ৰন্থগাৰসমূহৰ । এনে ব্যবস্থাৰ জৰিয়তে তেজপুৰ অথবা গুৱাহাটীত বহিয়েই দিল্লী অথবা মুম্বাইৰ গ্ৰন্থগাৰৰ গ্ৰন্থৰ সৈতে পৰিচয় সম্ভৱপৰ হ’ব। এনে এক অভিলাসী আঁচনিৰ সৈতে অসম তথা উত্তৰ পূব ভাৰতৰ গ্ৰন্থাগাৰিসকল পৰিচিত হোৱাৰ সুযোগ সমাগত। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ অংশ হিচাপে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত গ্ৰন্থাগাৰসমূহক আগবঢ়াই লৈ যোৱাৰ মানসেৰে তেজপুৰ বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ  গ্ৰন্থগাৰসমূহৰ  গ্ৰন্থাগাৰিকসকল আৰু বিশেষজ্ঞৰ উপস্থিতিত ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ১৯ সংখ্যক National Convention on Knowledge, Library and Information Networking চমুকৈ  NCKLIN -২০১৬ শীৰ্ষক ৰাষ্ট্ৰীয় অভিৱৰ্তন। তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ডেলনেট (DELNET) ৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই ৰাষ্ট্ৰীয় অভিৰ্ৱতনৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ভাৰতৰ উপ ৰাষ্ট্ৰপতি হামিদ আনচাৰীয়ে। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ বাজ্যপাল বানৱাৰিলাল পুৰোহিতৰ পৌৰোহিত্যত অনুষ্ঠানত হ’বলগা এই উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙৰ লগতে অসমৰ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব।

Comments (0)
Add Comment