সোণাৰি ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

সোণাৰিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিগত বছৰবোৰৰ দৰে এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিপৰীতে স্বাস্থ্য বিধি মানি অনুষ্টুপীয়াকৈ অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
 
 
 
অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত দ্বিতীয় স্থান লাভ কৰা হৰপ্ৰীট কৌৰ আৰু বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰা সাগৰ গোৱালাৰ লগতে ডেৰ কুৰি কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনায়। আনহাতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত এলেকাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ডেৰশ ছাত্ৰ ছাত্ৰীক পৰৱৰ্তী সময়ত ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হ’ব বুলি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰপৰা জানিবলৈ দিছে।
 
 
 
সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: সৌমেন ভাগৱতী, সোণাৰি ৰাজহ চক্ৰৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবীন চন্দ্ৰ কোঁৱৰ, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভক্তবাহাদুৰ নেৱাৰৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
 
 
 
আনহাতে এই অনুষ্ঠানতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সোণাৰি কেন্দ্ৰৰ ভিতৰত প্ৰথম স্থান লাভ কৰা মনাস্মৃতা শইকীয়া, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা তবচ্চুম আহমেদক সম্বৰ্ধনা জনাই ছাত্ৰ সন্থাৰ তৰফৰপৰা। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক প্ৰশান্ত দত্তই আঁত ধৰা অনুষ্ঠানত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক গগৈ, সম্পাদক মৃন্ময় বৰা, শিক্ষা সম্পাদক প্ৰযোজ্য মাধৱ দত্তৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে সহযোগিতা আগবঢ়ায়।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Comments (0)
Add Comment