স্বাস্থ্যকৰ্মীলৈ সোণাৰি প্ৰেছ ক্লাৱৰ সহায়ৰ হাত

দেশত ক’ৰণা মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে। চিকিৎসকসকলে যৎপৰোনাস্তি চেষ্টা কৰাৰ সমান্তৰালকৈ চৰকাৰেও লক ডাউনৰ জৰিয়তে ক’ৰণা ভাইৰাছৰ সংক্ৰমণ যাতে প্ৰতিহত কৰিব পাৰে তাৰ চেষ্টা চলাইছে।
 
 
তেনে সময়তে লক ডাউনৰ পৰিপ্ৰেক্ষিতত  যোৱা  এমাহৰো অধিক কাল ধৰি বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলক নিজ নিজ গন্তব্যস্থললৈ ৰাওনা হ’ব পৰাকৈ পৰিবহন বিভাগ তথা স্বাস্থ্য বিভাগৰ সহযোগত অসম চৰকাৰে ব্যৱস্থা কৰিছে। চৰাইদেউ জিলাৰ  বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে গন্তব্যস্থললৈ ৰাওনা হ’ব পাৰে  চৰাইদেউ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।
 
এইক্ষেত্ৰত বিশেষ ভাৱে সহযোগিতা আগবঢ়াইছে জৰুৰীকালীন সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীসকলে। যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা তথা স্ক্ৰেনিংত সহযোগিতা আগবঢ়োৱা এইসকল লোকক আজি সোণাৰি প্ৰেছ ক্লাবৰ জৰিয়তে দুপৰীয়াৰ খাদ্য যোগান ধৰে।
 
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী উত্তম চাংমাইয়ে  সোণাৰি প্ৰেছ ক্লাবৰ সহযোগত আজি স্বাস্থ্য সেৱাত নিয়োজিত লোকসকলক খাদ্য যোগান ধৰে। উল্লেখ্য যে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি স্বাস্থ্য কৰ্মীসকলে দিনে নিশাই ৰাইজক সেৱা আগবঢ়াই আহিছে।
খবৰ যুগুতালে চৰাইদেউৰ পৰা অভিজিৎ ভূঞাই..

Comments (0)
Add Comment