স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাৱৰ সাপ্তাহিক (নিয়মীয়া) অনুষ্ঠান স্বাস্থ্য পৰীক্ষা শিবিৰত এইবাৰ চাৰিগৰাকী হ’মিঅ পেথিক চিকিৎসকৰ উপৰিও এগৰাকী ডা’য়টেচিয়ান উপস্থিত থাকে। শিবিৰত জ্যেষ্ঠ চিকিৎসক ডাঃসুশান্ত মালাকৰ, (হ’মিঅ পেথিক) ডাঃ দীপক কান্তি সেন,(হ’মিঅ পেথিক) ডাঃ দেৱজিত বৰ্মন ( হ’মিঅ পেথিক) ডাঃ হিমাক্ষী বায়ন (হ’মিঅ পেথিক) উপস্থিত থাকি সাংবাদিক সকলৰ ৰক্ত চাপৰ লগতে স্বাস্থ্য পৰীক্ষা কৰে । প্ৰায় ৩০ গৰাকী সাংবাদিক উপস্থিত থকা শিবিৰত ডায়টেচিয়ান কল্যান কুমাৰ শৰ্মা উপস্থিত থাকি সাংবাদিক সকলৰ স্বাস্থ্য ভাল ৰখাৰ বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

Comments (0)
Add Comment