ৰঙিয়াত সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত ৰাভা দিৱস পালন

ৰঙিয়াৰ সাংস্কৃতিক সংগঠন সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত কালি ৰাভা দিবস পালন কৰা হয় ।ৰঙিয়াৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্টুপীয়া কৈ আয়োজিত কাৰ্যসূচী অনুসৰি কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তৰ্পণ কৰে জ্যেষ্ঠ অধিবক্তা মুনীন শৰ্মাই ।সংগঠনটোৰ সম্পাদক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিশিষ্ট লোকসংস্কৃতিৰ শিল্পী ওজাপালি শিল্পী গজেন ডেকাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ফুলাম গামোচা, গ্ৰন্থ আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ সভাপতি গিৰিজানন্দ ভট্টাচাৰ্য আৰু সম্পাদক পঙ্কজ পল্লৱ শৰ্মাই। উক্ত অনুষ্ঠানতে সংগঠনটোৰ বেনাৰত ক’ৰণাৰ সজাগতাৰ লক্ষ্যৰে সংস্কৃতিৰ পূজাৰী পঙ্কজ পল্লৱ শৰ্মাৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মিত চুটি ছবি অদৃশ্য ঘাটকৰ উন্মোচন স্থানীয় বিধায়ক ভবেশ কলিতাই। উন্মোচনী ভাসন প্ৰদান কৰি ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা মহামাৰীৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংগঠন টোৱে গ্ৰহণ কৰা সাংস্কৃতিক যুদ্ধ প্ৰশংসনীয় বুলি মত ব্যাক্ত কৰে ।জনপ্ৰিয় ইউটিউব চেনেল সাংস্কৃতিক পৰিক্ৰমা যোগে সম্প্ৰচাৰ হ`বলগীয়া চুটি ছবি খন উপভোগ কৰাৰ লগতে প্ৰতিফলিত সজাগতাৰ বাণী সমূহ অনুকৰণ কৰি ক’ৰণা সন্ত্ৰাসৰ অৱসাণ ঘটাবলৈ সদৌটিলৈ আহ্বান জনায় । অনুষ্ঠানত শিশু শিল্পী সাধনা শৰ্মাই ৰাভা সংগীত, অভিনেতা ৰঞ্জন উপাধ্যায়ে স্বৰচিত কবিতা পাঠ আৰু আন এগৰাকী অভিনেতা প্ৰদীপ শৰ্মাই বিষ্ণুপ্ৰসাদৰ সংলাপ পৰিবেশন কৰে। অনুষ্ঠানত পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতাৰ লগতে ছবিখনৰ অভিনয় শিল্পী ক্ৰমে প্ৰদীপ শৰ্মা, দিজেন দাস ,ৰঞ্জন উপাধ্যায়, প্ৰসেনজিৎ ভৰদ্বাজ, ৰিঙ্কু দাস গুপ্তা, ৰীণা দেৱীকে ধৰি আন কেবাগৰাকী গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment