ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ’ব

আৰু মাত্ৰ এটা দিনৰ পাছতেই অসম চুক্তিৰ আধাৰত নিৰ্মীয়মান হোৱা দেশৰ অন্যতম দীৰ্ঘতম বগীবিল দলং মুকলি হ’ব।যাতায়ত তথা যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ২৫ডিচেম্বৰ ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব ।বিশেষকৈ অসমৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ  হ’ব লগতে অসম আৰু অৰুণাচলপ্ৰদেশৰ মাজত যাতায়ত কৰোতে লগা সময়ৰ দূৰত্ব  হ্ৰাস হ’ব।বগীবিল দলং ভাৰতৰ পঞ্চম খন দীৰ্ঘতম দলং ।দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৪.৯কি মিটাৰ।উল্লেখযোগ্য যে এইখন অহা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

Comments (0)
Add Comment