ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাচক্ৰ সম্পন্ন

আন্তজাৰ্তিক নাৰী দিৱসৰ প্ৰাকক্ষণত টীয়কৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান কাকজান মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ।
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অৰ্থ সাহাৰ্য্যত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ সংঘাত আৰু প্ৰাকৃতিক দূৰ্যোগৰ পৰিপেক্ষিতত মহিলাৰ বিৰুদ্ধে অপৰাধ শীৰ্ষক এই আলোচনা চক্ৰখন উদ্ধোধন কৰে আই আই টি খড়গপুৰৰ ড:পি কে ভৌমিকে।
মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হেমকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনী সভাত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক বি কে মহাপত্ৰ,অধ্যাপক বি এন বৰঠাকুৰে ভাষণ প্ৰদান কৰে ।আদৰণি ভাষণ প্ৰদান কৰে কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰূপৰেখা বৰদলৈয়ে আৰু শলাগৰ শৰাই আগবঢ়াই অনিতা দাসে । উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় ডেৰ শতাধিক অংশগ্ৰহণকাৰীয়ে গৱেষণা পত্ৰ পাঠ কৰে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই।

Comments (0)
Add Comment