অন্ত পৰিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

অসমীয়া চিনেমাৰ নিজস্ব এটা কাব্যিক সৌন্দৰ্য্য আছে। প্ৰতিজন প্ৰযোজকে অতি সাহসিকতাৰে অসমৰ ৰাজনীতি অথবা নাৰীৰ চৰিত্ৰ উপস্থাপন কৰে। ই অতিকে শুভলক্ষণ। এই মন্তব্য প্ৰসন্ন ভিথানাগেৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাচদিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি চাহ বাগানৰ লোকনৃত্য, বড়ো লোকনৃত্য আৰু কাৰ্বি লোকগীত পৰিবেশন কৰে। স্মতৰ্ব্য যে সামৰণি অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰে যে অতি শীঘ্ৰে শিল্পী সমাৰোহ অনুষ্ঠিত হ’ব। য’ত শিল্পী সকলে প্ৰত্যক্ষ ভাৱে চৰকাৰৰ লগত মত বিনিময় কৰিবলৈ এখন মঞ্চ পাব।

স্মতৰ্ব্য যে সামৰণি অনুষ্ঠানত ৩ খন অসমীয়া চিনেমাক বঁটা প্ৰদান কৰে। প্ৰথম পুৰস্কাৰ লাভ কৰে শংকৰ বৰুৱা আৰু অনু বৰুৱাৰ পৰিচালিত চিনেমা “Grief on a Sunday Morning” দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰীমা দাসৰ “Man with a Binocular” য়ে আৰু বিশেষ জুৰিৰ বঁটা লাভ কৰে জয়চেং জয় দহোতীয়াৰ “The Handook”- The hidden corner ৰে।

সামৰণি অনুষ্ঠানত বিভিন্ন জন বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment