সংগ্ৰামৰে জীৱন ৰ্নিবাহ কৰা এগৰাকী অসমীয়া নাৰী

দুবাহুৰ শক্তিৰে জিনিছিল হাজাৰ জনৰ মন। আকাশ চুব বিচাৰিছিল তেওঁ কিন্তু কঠোৰ বাস্তৱ হাতোৰাত জীৱন গতিপথ আৱদ্ধ হৈ পৰিছিল এটা বলয়ৰ মাজত। সময় আৰু পৰিস্থিতি তাড়নাত বাচি লৈছিল জীৱন নিৰ্বাহ আন এক বৃৰ্ত্তি।

তেওঁ হৈ পৰিছিল পেট্ৰল পাম্পৰ এগৰাকী পাম্পমেন। এবছৰ, দুবছৰ নহয় সম্পূৰ্ণ ১০ বছৰ এইগৰাকী বিশেষ নাৰীয়ে কৰি আহিছে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই সংগ্ৰাম। সেয়েহে আজি তেওঁক আপোনালোকৰ সন্মুখত পৰিচয় কৰি দিব লৈছো।

তেওঁৰ নাম জোনালী শইকীয়া। ঘৰ চতিয়াৰ খনাগুৰিত। উল্লেখযোগ্য যে জোনালী শইকীয়া এগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ। ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ বিভিন্ন দেশত দুবাহুৰ শক্তিৰে চমকপদ প্ৰদৰ্শন কৰি সফলতা লাভ কৰি আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ লাভ কৰিছে সোণৰ মেডেল। এই সম্পৰ্কে জোনালী শইকীয়াই আমাক এনেদৰে জনায়- স্কুলৰ দিনৰ পৰাই মই সকলো খেল খেলিছিলো, বিশেষকৈ পাঞ্জা খেলৰ প্ৰশিক্ষণ, এটা ওচৰৰ জিমত গ্ৰহণ কৰিছিলো। পোনপ্ৰথমে শিৱসাগৰ জিলাৰ চৰাইদেউত অনুষ্ঠিত হোৱা পাঞ্জা প্ৰতিযোগিতা জয়ী হৈছিলো।

খেলৰ প্ৰতি মোৰ যথেষ্ট আগ্ৰহ আছিল, কিন্তু আৰ্থিক ভাৱে সবল নোহোৱাৰ বাবে এইদৰে পেটৰ অন্নমুঠিৰ বাবে পেটেল পাম্পত কৰ্মৰত আছো। উল্লেখযোগ্য যে জোনালী শইকীয়াই ইতিমধ্যে আমেৰিকা, ৰাছিয়া, ইজিপ্ত, ইটালীত পাঞ্জা খেল প্ৰতিযোগিতাত বিজয়ী হৈ আহিছে।

পেট্ৰল পাম্পত এনেদৰে কৰ্মৰত হৈ থকাৰ অনুভৱৰ বিষয়ে জানিব বিচৰাত শইকীয়াই এনেদৰে কয় কাম সৰুৱেই অথবা ডাঙৰই হওক, লাজ কৰিব নালাগে। মই মোৰ কৰ্মক লৈ যথেষ্ট সুখী। এই ক্ষেত্ৰত মহিলা হিচাপে মানুহৰ পৰা যথেষ্ট মৰম, সন্মান পাইছো। ভৱিষ্যতে কোনো সংগঠনে অথবা বিভাগে কৰ্তৃপক্ষই সহাঁৰি দিলে আকৌ খেলৰ পৃথিৱীখনলৈ ঘুৰি যোৱাৰ বাসনা পুঁহি ৰাখিছো। এইগৰাকী অক্লান্ত যুঁজাৰুক আমি এই আপাহতে জনাইছো বহু শুভকামনা।

 

Comments (1)
Add Comment
  • Manjit Dihingia

    আপোনা লোকৰ এই পদক্ষেপ অভিনন্দন জনালোঁ, বাইদেউক আমি ভাল দৰেই ছিনি পাওঁ, বাইদেউ সাহসী আৰু কৰ্ম লগতে ত্যাগ সছাঁকৈ লেখত লব লগিয়া, বাইদেউ আমাৰ বাবে এগৰাকী গৌৰৱ আমি বাইদেউক সন্মান জনোৱাটো অতি দৰকাৰ,
    আৰু যদি অসমৰ মহান মহান ডাঙৰ ডাঙৰ
    বাপ লৈ থকা আৰু পুষ্টত থকা সন্মানীয় ব্যক্তি সকলে অলপমান হ’লেও সহানুভূতি যোগাই নিশ্চয় বাইদেউ দৰে বহুতো ভাল ভাল ব্যক্তি খেলুৱৈ তথা গৌৰৱ আছে তেখেত লোক আৰু এখোজ আগোৱাই যোৱাত নিশ্চয় এটা ভাল পথ মুকলি হব ।
    ধন্যবাদ
    এই
    কামনাৰে
    আপোনাৰ লোকৰ চিনাকি
    শ্ৰী মনঞ্জিৎ দিহিঙ্গীয়া
    বিশ্ব ৰেকৰ্ড অধিকাৰী
    গহপুৰ বিশ্বনাথ শোণিতপুৰ, অসম.
    ফোন নং :-8486793398