অম্বুবাচী মেলাৰ প্ৰস্তুতি

পূৰ্ণ গতিত প্ৰস্তুতি আগবাঢ়িছে অম্বুবাচী মেলা। হাবি বন, দেৱালৰ শেলুৱৈ চাফা কৰি পৰ্যটক তথা ভক্ত সকলক আদৰাৰ প্ৰস্তুতি চলোৱাৰ দেখা গৈছে। আজি কামাখ্যা ধাম মন্দিৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ মন্দিৰত পুজা আগবঢ়ায় আৰু প্ৰস্তুতিৰ সম্পৰ্কে বুজ লয়। উল্লেখযোগ্য যে ৪ টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ কথা ঘোষণা কৰে, ৫০০ শ অনাময় ব্যৱস্থাৰ লগতে সাধাৰণ পোছাকত(Civil Dress) ত ২০০ শ নিৰাপত্তাৰক্ষী নজৰত থাকিব বুলি জানিবলৈ দিয়ে। স্মতৰ্ব্য যে মুখ্যমন্ত্ৰী সোণোৱালে সকলো জনসাধাৰণৰ পৰা সহায় সহযোগিতা আহ্বান কৰিছে।

Comments (0)
Add Comment