অযোধ্যাৰ ৰাম মন্দিৰত এতিয়া উখল মাখল পৰিবেশ

অৱশেষত সমাগত হ’ল বহু প্ৰত্যাশিত সেই বিশেষ দিনটো।সেই বিশেষ দিনটোৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত লিখা থাকিব।
 
 
অযোধ্যাৰ ৰাম মন্দিৰত এতিয়া উখল মাখল পৰিবেশ। জাকত জিলিকা কৰি সজাই পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ । শাওন মাহৰ শেষৰটো সোমাবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে গণেশ পূজা, হনুমান পূজন আৰু গায়ত্ৰী মন্ত্ৰৰ জপ।
 
 
অহা ৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভূমি পূজনত অংশগ্ৰহণ কৰিব। তেখেতৰ লগত উপস্থিত থাকিব আৰ এছ এছৰ মোহন ভাগৱত, যোগী আদিত্য নাথ, মহন্ত নিত্যা গোপালাদাস।
 
 
উল্লেখযোগ্য যে দেশৰ বিভিন্ন তীৰ্থস্থান যেনে গংগা, কাবেৰী, যমুনা, ত্ৰিবেণী সংগম , সৰস্বতী আৰু কামাখ্যা পৰাও অযোধ্যা ৰাম মন্দিৰ লৈ কিছু ভূমি নিছে বুলি জানিব পৰা গৈছে।অযোধ্যাত জিলিকি উঠিছে ভগৱানৰ ৰামৰ সুউচ্চ প্ৰতিমূৰ্তি। ২৩৫ প্ৰস্থ আৰু ৩৬০ফুট দৈৰ্ঘ্য ৰামৰ প্ৰতিমূৰ্তিয়ে সম্প্ৰতি অযোধ্যাক অন্য মাত্ৰা প্ৰদান কৰিছে।

Comments (0)
Add Comment