অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী

বৰ্তমান পৰিস্থিতিৰ লগত সংগতি ৰাখি অসম ফটোগ্ৰাফী ক্লাৱে আয়োজন কৰিছে অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান । পাঁচটাকৈ বিষয়বস্তু ওপৰত অনুষ্ঠিত হ’ব এই ফটোগ্ৰাফী প্রদৰ্শনী অনুষ্ঠান।
 
 
 
উল্লেখযোগ্য যে ইতিমধ্যে অসম ফটোগ্ৰাফী ক্লাৱে অনুষ্ঠানৰ নিয়মাৱালী সমূহ প্ৰকাশ কৰিছে। নিয়মাৱলী অনুসৰি একোটা বিষয় বস্তুত মাত্ৰ তিনিজনহে অংশ গ্ৰহণ কৰিব পাৰিব।ফটোগ্ৰাফী সমূহ জমা দিয়া অন্তিম তাৰিখ অহা ১০ আগষ্ট দিনটো ধাৰ্য কৰা হৈছে। নিৰ্বাচিত প্ৰতিযোগী সকলৰ নাম ১৭ আগষ্ট তাৰিখে ঘোষণা কৰা হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।
 
অহা ছেটেম্বৰ মাহৰ পৰা প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে ১০০ টকা মাছুল আদায় দিব লাগিব। ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠানত প্ৰফেছনেল আৰু এমেছাৰ সকলোধৰণৰ ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰিব পাৰিব।

Comments (0)
Add Comment