অসমীয়া ভাওনা সংস্কৃতি এপ উন্মোচন

গুৰু দুজনাৰ সৃষ্টিৰাজিক ডিজিটেলি কৰাৰ প্ৰয়াস কৰিছে লখিমপুৰৰ এজন উদীয়মান যুৱকে। ধ্ৰুৱজ্যোতি বৰুৱা নামৰ যুৱকজনে ভাওনা, ভাওনাৰ স্ক্ৰীপ্ট আৰু নামঘৰ-সত্ৰৰ বিষয়ে অসমীয়া ভাওনা সংস্কৃতি এটা এপ মুকলি কৰিছে।
 
 
কালি নাৰায়ণপুৰ প্ৰেছ আনুষ্ঠানিকভাৱে উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্তৰ দিবাকৰ চন্দ্ৰ ডেকাই। এই এপটোত উপলব্ধ হল ৫০ খনতকৈও অধিক ভাওনাৰ প্ৰতিলিপি। উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা ধ্ৰুৱজ্যোতি বৰুৱাই অসমীয়া ভাওনা সংস্কৃতি নামৰ এটা ফেচবুক পেজৰ জৰিয়তে ভাওনা সংস্কৃতিৰ সম্বন্ধিত তথ্য প্ৰচাৰ কৰি আহিছিল।

Comments (0)
Add Comment