অসমৰ কৃষকৰ ধান সংগ্ৰহ ,এফ চি আইৰ ভঁৰালত মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰিব কেন্দ্ৰই

অসমৰ কৃষকৰ পৰা কেন্দ্ৰীয় চৰকাৰে সময়মতে ধান সংগ্ৰহ কৰাৰ লগতে ইয়াত থকা ভাৰতীয় খাদ্য নিগমৰ ( এফ চি আই ) ভঁৰালত খাদ্য মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰিব । এই ঘোষণা কৰিছে কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান , বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ । ১৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি এই ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই । কেন্দ্ৰীয় মন্ত্ৰী চৌবেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কালত কয় কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষক সকলৰ উন্নয়নৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ কাৰণে দৃঢ়প্ৰতিজ্ঞ । এই উদ্দেশ্য আগত ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ধান সংগ্ৰহ কৰাৰ লগতে এফ চি আইৰ ভঁৰালত মজুতকৰণৰ ক্ষমতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলিও কেন্দ্ৰীয় মন্ত্ৰী চৌবেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক অৱগত কৰে । আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মায়ো এই ক্ষেত্রত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰক সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়াব বুলি ব্যক্ত কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সিদিনা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে গুৱাহাটীৰ কাষৰীয়া চাংসাৰী ৰেল ষ্টেচনৰ সমীপত থকা এফ চি আইৰ ভঁৰাল পৰিদৰ্শন কৰি মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশ দিয়ে।
বাতৰি যুগুতালে জিতুমনি দাসে

Comments (0)
Add Comment