অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ বৰঝাৰ বিমান বন্দৰ পৰিদৰ্শন

ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে দুমাহৰো অধিক দিন দেশত ঘৰুৱা যাত্ৰীবাহী বিমান সেৱা বন্ধ হৈ থকাৰ পাছত যোৱা ২৫ মে’ৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু চি এম আৰে দিয়া নীতি নিৰ্দেশনা অনুসৰি সীমিত সংখ্যক বিমান চলাচল আৰম্ভ হৈছে।
 
 
 
 
আনহাতে বাহিৰৰ পৰা অহা বিমান যাত্ৰীক নিয়ম অনুসৰি কোৱাৰেণ্টাইন কেন্দ্ৰলৈ যাত্ৰীক বৰঝাৰ বিমান বন্দৰৰ পৰা নিবৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ ৩৫ খন বাদে দিবা-নৈশ ভাৱে নিৰন্তৰ সেৱা আগবঢ়ায় আহিছে।
 
 
 
 
আজি দিনৰ ভাগত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে বৰঝাৰ বিমান বন্দৰ পৰিদৰ্শন কৰি যাত্ৰীক সেৱা আগবঢ়াই অহা কাৰ্যৰ বুজ লয়। অধ্যক্ষ গৰাকীক সংগ দিয়ে নিগমৰ উপাধ্যক্ষ হৰি শংকৰ ব্ৰজ, পৰিচালক সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰী, ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বীজেন লহকৰ, জিলা পৰিবহন বিষয়া গৌতম দাসে। আনহাতে পৰিদৰ্শন কালত অধ্যক্ষ ভট্টৰায়ে বিমান বন্দৰত নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰি নিৰন্তৰ সেৱা আগবঢ়ায় অহা বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, আজি সন্ধিয়া পৰ্যন্ত বৰঝাৰ বিমান বন্দৰত নিগমৰ ৩৫ খন বাছেৰে প্ৰায় ১,৩০০ যাত্ৰীক বিভিন্ন কোৱাৰেণ্টাইন লৈ যোৱা হয়।

Comments (0)
Add Comment