আইপিএছ বৈভৱ চি নিম্বালকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক (এছপি) আইপিএছ বৈভৱ চি নিম্বালকাৰৰ উদ্যোগত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। জিলাখনত দায়িত্ব পোৱাৰ পিছৰে পৰা তেওঁ তেওঁৰ দলটোক সক্ৰিয় কৰি আহিছে।তথ্য পোৱাৰ লগে লগে দলটোৱে সমাজৰ মহামাৰীৰূপী ড্ৰাগছৰ ওপৰত অভিযান চলাই আহিছে । এক চৰকাৰী বিবৃতিত কাছাৰ আৰক্ষীয়ে কয়, যোৱা এসপ্তাহত দুটা পৃথক স্থানৰ পৰা ১০০ কিলোগ্ৰামতকৈও অধিক গাঞ্জা উদ্ধাৰ কৰা হৈছে আৰু তিনিজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথম অভিযানটো থালিগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত থালিগ্ৰাম বস্তিত কৰা হৈছিল বুলি জানিব পৰা গৈছে ।আৰক্ষীয়ে অভিযানৰ সময়ত ৮২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি, এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে সোনাই ৰোডৰ এখন স্কুটীত লুকুৱাই থোৱা ২৫.১০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে। আৰক্ষীয়ে ঘটনাটোত ১ জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে।
কাছাৰবাসীয়ে এছ পি বৈভৱ চি নিম্বালকৰক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment