আই আই টি গুৱাহাটীৰ আলচেৰিংগা সমাগত

আই আই টি গুৱাহাটীৰ উদ্যোগত ৩১জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আলচেৰিংগা শীৰ্ষক এক অনুষ্ঠানৰ।সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ ৫০০মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত আই আই টি গুৱাহাটীৰ জনসম্পৰ্কৰক্ষী বিষয়া লৱণু কিশোৰ কোঁৱৰে এই কথা সদৰী কৰি কয় যে আলচেৰিংগা উত্তৰ পূবৰ এটা বৃহৎ অনুষ্ঠান।এইবাৰ ২৩সংখ্যক অনুষ্ঠান অনুষ্ঠিত হ’ব ।অনুষ্ঠান সমূহ ৩ ফেব্ৰুৱাৰী লৈকে চলিব।অনুষ্ঠানৰ লগত সংগতি ৰাখি ফটোগ্ৰাফী, সৌন্দৰ্য,গানৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।কানাডা, মেক্সিকো, স্পেইনৰ পৰা অহা শিল্পীয়ে নৃত্য, গীতৰ অনুষ্ঠান পৰিৱেশন কৰিব।সংবাদ মেলখনত আই আই টি গুৱাহাটীৰ বহুকেইজন ছাত্ৰ উপস্থিত থাকে।

Comments (0)
Add Comment