আজিও বৰ্তি আছে বিশ্বাসৰ পৰম্পৰা

এক পৰম্পৰা। যি পৰম্পৰাৰ বিষয়ে শুনিলে আপুনি হয়তো আচৰিত হ’ব। এই অদ্ভুত ধৰণৰ পৰম্পৰা আছে চুবুৰীয়া ৰাজ্য মিজোৰামৰ শ্বেলিং নামত।
 
যি পৰম্পৰা জড়িত হৈ আছে বিশ্বাসৰ লগত। জানি সুখী হ’ব যে মিজোৰামৰ ৰাজধানী আইজলৰ পৰা কেই কিলোমিটাৰ মান নিলগত অৱস্থিত শ্বেলিংনাম নামৰ ঠাইখনৰ দোকানসমূহত দেখা নাযায় কোনোধৰণৰ দোকানী ।
 
কিয়নো ইয়াৰ বাসিন্দা সকলে বিশ্বাস কৰে যে কোনেও কাকো নঠগায়। সেয়েহে দোকান বিলাকত দোকানীৰ পৰিৱৰ্তে পইচা থ’বলৈ ৰখা হয় একোটাকৈ পাত্ৰ। এই পৰম্পৰাগত বিশ্বাসক নাগহা লো ডাবৰ হিচাপে জনা যায়। যিসময়ত সমগ্ৰ দেশতে চুৰি, ডকাইতি, লুণ্ঠন, হত্যা, হিংসাই সংবাদ শীৰ্ষ দখল কৰিছে, সেই সময়তে মিজোৰামৰ এই পৰম্পৰাই সমগ্ৰ দেশবাসীকে দৃষ্টি নিৱদ্ধ কৰি তুলিছে।

Comments (0)
Add Comment