আজিও মানৱতা জীয়াই আছে

আৰ্থিকভাৱে মই ইমান সবল নহয়।কিন্তু মনত এটা হাবিয়াস আছে।বহুত আশাৰে এই বৃদ্ধাশ্ৰমখন খুলিছো।এই মন্তব্য পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ গৰাকী দিপা গগৈৰ।ডিব্ৰুগড় ঠাকুৰথানত দিপা গগৈ আৰু তেখেতৰ স্বামীয়ে পূজাশ্ৰী বৃদ্ধাশ্ৰম খুলিছে।সম্পূৰ্ণ বিনামূলীয়া ভাৱে বৃদ্ধাশ্ৰমখনত সেৱা আগবঢ়ায়।বৃদ্ধাশ্ৰমখনৰ ধাৰণা কিদৰে মনলৈ আহিল জানিব বিচৰাত তেখেতে কয় যে কলেজীয়াই দিনৰ পৰা বৃদ্ধাশ্ৰম খোলাৰ মন আছিল।যদিও পৰা নাছিলো।অৱশেষত স্বামীৰ সহযোগত বৃদ্ধাশ্ৰম খন আৰম্ভ কৰো।বৰ্তমান আমাৰ আশ্ৰম খন ২০জন মানুহ থাকিব পৰা সুবিধা আছে।আৰু পৰৱৰ্তী সময়ত ৰাইজৰ বাবে ১০ বিঘা মাটি ভূমি দান কৰিম।এই মন্তব্য দিপা গগৈৰ।যান্ত্ৰিকতাৰ ধামখুমীয়াই মানৱতা বোধ নাইকিয়া কৰাৰ সময়ত দিপা গগৈয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

Comments (0)
Add Comment