আজিৰে পৰা মাজুলীত ফেৰী চলিছে

বিশ্বত্ৰাস ভয়ানক মহামাৰী ক’ৰণা ভাইৰাছৰ কাৰণে দিয়া লকডাউনৰ ফলশ্ৰুতিত ৪০দিনৰ কাৰণে সম্পূৰ্ণভাৱে বন্ধ হৈ আছিল মাজুলী আৰু যোৰহাট সংযোগী ফেৰী সেৱা। ফেৰী চলা নচলাকলৈ সকলোৰে মনত প্ৰবল উৎকণ্ঠা আছিল।
 
কোনদিনাৰ পৰা  এই ফেৰী চলিব এই সম্পৰ্কত থকা যাত্ৰীসকলৰ উৎকণ্ঠা দুৰ কৰিলে প্ৰশাসনে তথা মাজুলী জিলা প্ৰশাসনে। উল্লেখ্য যে মাজুলী আৰু যোৰহাট সংযোগী ফেৰী সেৱাৰ যাত্ৰা আজিৰ পৰা পুনৰ পূৰ্বৰ দৰেই বাহাল ৰখাৰ  মাজুলী জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে।
 
কালিৰে পৰা কাৰ্যকৰী হোৱা তৃতীয় পৰ্যায়ৰ এই লকডাউনৰ সময়ছোৱাত কেতবোৰ নতুন নিয়মাৱলী বলৱৎ কৰা হৈছে। ইয়াৰে সৈতে সংগতি ৰাখি মাজুলী জিলাৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে সোমবাৰে নিশা জাৰি কৰে এক নতুন নিৰ্দেশনা। এই নতুন  নিৰ্দেশনাৰ জৰিয়তে সৰ্বমুঠ আসনৰ ৫০শতাংশ আসনৰহে যাত্ৰীৰ ফেৰী সেৱা চলাচলত পুনৰ পূৰ্বৰ দৰেই বাহাল ৰখাত অনুমোদন জনায়।
 
মাজুলীৰ দক্ষিণপাতত থকা কমলাবাৰীঘাট-নিমাতীঘাট আৰু অফলামুখঘাট-নিমাতীঘাট এই দুটা পাৰঘাটৰ মাজত থকা ফেৰী সেৱাকহে পুনৰ বাহাল ৰখাৰ অনুমতি দিয়া হৈছে। সদ্যহতে বন্ধ হৈয়ে থাকিব মাজুলীৰ উত্তৰপাৰ সংযোগী পাৰঘাটৰ ফেৰী সেৱা। বৰ্তমানে চলি থকা তৃতীয় পৰ্যায়ৰ এই লকডাউনৰ পৰিপ্ৰেক্ষিতত নিমাতীঘাট-মাজুলী সংযোগ হৈ থকা পাৰঘাট দুটাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলাচল কৰা ফেৰীসমূহৰ সৰ্বমুঠ ফেৰীৰ ৫০শতাংশ ফেৰীহে দৈনন্দিন চলোৱাৰ অনুমতি দিয়া হৈছে।
 
উল্লেখ্য যে এই পাৰঘাট দুটাৰে দুয়োপাৰে ফেৰী যাত্ৰীৰ বাবে কৰা হৈছে হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা।ইয়াৰ কাৰণে হেণ্ড ছেনিটাইজৰো ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক। ফেৰী যাত্ৰা কৰা কোনো যাত্ৰীয়েই যাতে মুখত মাস্ক নিপিন্ধাকৈ আৰু পাৰঘাটত থকা ছেনিটাইজাৰৰ সহায়ত যথোপযুক্তভাৱে হাত ছেনিটাইজ নকৰাকৈ ফেৰীত উঠিব নোৱাৰে সেই বিষয়তো যাতে বিভাগে নিৰীক্ষণ কৰে সেয়া নিৰ্দেশ দিয়ে। কোনোধৰণৰ যাত্ৰীয়েই ফেৰীত মাস্ক আৰু ছেনিটাইজাৰৰ অবিহনে ফেৰীত উঠি যাত্ৰা কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

Comments (0)
Add Comment