আজি অসম কেবিনেটে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত,কিন্তু কি সেই সিদ্ধান্ত

অসম কেবিনেটে আজি বহুকেইটা প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ বৈঠকৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল যোগে সিদ্ধান্ত সমূহ সদৰী কৰে।
 
মন্ত্ৰী গৰাকীয়ে কয় যে দূৰ্যোগৰ বাবে সুৰাৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সুৰাপায়ীয়ে এম আৰ পিৰ উপৰিও ২৫শতাংশ বেছিকৈ দি সুৰা কিনিব লাগিব। যাৰ জৰিয়তে ৰাজ্য চৰকাৰে এহেজাৰ কোটি টকাৰ ৰাজহ পাব।
 
আনহাতে কৃষি মাৰ্কেটিঙ ব’ৰ্ডৰ পুৰণা আইন বাতিল কৰি নতুন অধ্যাদেশ জাৰি কৰাৰো সিদ্ধন্ত গ্ৰহণ কৰা হয়। জানিব পৰা মতে মাৰ্কেটিং ব’ৰ্ডৰ কৰ্মচাৰীক অন্য বিভাগত নিয়োজিত কৰিব। ভৱিষ্যতে এখন নিৰ্বাচিত ব’ৰ্ড গঠন হ’ব। ব’ৰ্ডৰ সদস্যসকলক কৃষকে নিৰ্বাচিত কৰিব। আনহাতে চাহ বাগিচাৰ কামসমূহ সামাজিক দূৰত্ব মানি চলি থাকিব।

Comments (0)
Add Comment