আজি আনুষ্ঠানিকভাৱে উদ্বোধন হয় আইদেউ ছবিগৃহ

সোমবাৰে গুৱাহাটী মহানগৰীস্থিত পাঞ্জাবাৰীৰ জোনাকী কমপ্লেক্সত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভ উদ্বোধন কৰা হয় এটা ছবিগৃহ।নতুনকৈ মুকলি হোৱা ছবিগৃহটিৰ নাম আইদেউ। এই ছবিগৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি আইদেউ ছবিগৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰি অসমীয়া চলচ্চিত্ৰ অনুৰণৰ শুভমুক্তি দিয়া হয়।ছবিগৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যত নিগমৰ উদ্যোগত ৫টা ছবিগৃহ নিৰ্মাণৰ কাম চলি আছে। সমান্তৰালকৈ আৰু ৯টা পুৰণি ছবিগৃহৰ কাম চলি থকাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

লগতে মুখ্যমন্ত্রী গৰাকীয়ে অসমীয়া ছবি মুক্তি পোৱা মানেই সফলতাৰ আন এক উদাহৰণ।ছবিক কেতিয়াও ৰাজনৈতিক দৃষ্টিভংগীৰে চাব নালাগে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰি সাংসদ তথা সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটা, অসম ৰাজ্যিক চলচ্চিত্র বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰৰ লগতে আন আন লোকসকল উপস্থিত থাকে।

Comments (0)
Add Comment