আজি মুকলি হ’ল পবিতৰা অভয়াৰণ্য

আজি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকক পবিতৰা ভ্ৰমণৰ সোৱাদ দিবলৈ সাজু কৰি তোলা হৈছে ২০ খন জীপ আৰু ১০তাকৈ বিভাগীয় হাতী।
 
 
অভয়াৰণ্যখনত সম্প্ৰতি ১০২ টা গঁড়, পাঁচ শতাধিক বনৰীয়া ম’হ, সহস্ৰাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫ টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই আছে।পলমকৈ মুকলি হ’লেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণে অভয়াৰণ্য খন সজাই তুলিছে বন বিভাগে।ইয়াৰ সমান্তৰালকৈ ক’ভিড প্ৰট’কল মানি পবিতৰাৰ ৰিজৰ্টসমূহ পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে।

Comments (0)
Add Comment