আত্মনিৰ্ভৰশীলতা,সাহস আৰু অনুপ্ৰেৰণাৰ অন্য এক উৎস ৰিতামণি বৰা

যোৰহাট জিলাৰ টীয়কৰ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ তৃতীয় ষন্নাষিকৰ এগৰাকী ছাত্ৰী। নাম ৰিতামণি বৰা৷ ৰিতামণি বৰা এতিয়া চ’চিয়েল মেডিয়াত আত্মনিৰ্ভৰশীল কৰ্মৰ বাবে চৰ্চিত হৈ পৰিছে৷
 
 
 
কাকজানৰ মেধাৱী ছাত্ৰী ৰিতামণি এতিয়া কেৱল নিজৰ পঢ়া শুনাক লৈয়ে ব্যস্ত নহয়৷ব্যস্ত হৈ পৰিছে নিজৰ এখন সৰু পাচলি আৰু তামোল-পানৰ দোকানৰ সৈতে৷
 
 
কামৰ কোনো সৰু বৰ নাই এই ইতিবাচক চিন্তাৰে
২০১৭ বৰ্ষত কাকজান উচ্চতৰ মাধ্যমিক আদৰ্শ বালিকা বিদ্যালয়ৰ পৰা তিনিটা বিষয়ত লেটাৰ মাৰ্কসহ ৭৪.৫ শতাংশ আৰু ২০১৯ বৰ্ষত কাকজান কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ৮৩.৮ শতাংশ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী গৰাকীয়ে নিজৰ মাতৃৰ সৈতে কিবা এটা কৰাৰ ইচ্ছাৰে ঘৰৰ সন্মুখতে শাক পাচলি আৰু তামোল পানৰ সৰু ব্যৱসায় এটা আৰম্ভ কৰিছে৷তেওঁৰ এই কৰ্মৰ ফটো চ’চিয়েল মেডিয়াত সকলোৰে পৰা উৎসাহ আৰু অনুপ্ৰেৰণা বিচাৰি নিজৰ ৰদালী বৰা নামৰ একাউন্টৰ যোগেদি আপলোড কৰিছিল৷ লগেলগে ৰদালীৰ এই পোষ্টটো নিশাৰ ভিতৰত ভাইৰেল হৈ পৰে আৰু হাজাৰ হাজাৰ লোকে ভাগ বতৰা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেওঁক শুভেচ্ছা আৰু শুভাশীষেৰে ওপচাই পেলায়৷যি সময়ত লকডাউনৰ বাবে বহু যুৱক যুৱতীয়ে কোম্পানীৰ চাকৰি হেৰুৱাই দিশহাৰা হৈ পৰিছে,বৰ্হি ৰাজ্যৰ পৰা আহি নিৱনুৱা হৈ পৰিছেহি,দেশ নিৱনুৱা সমস্যাৰে ভৰি পৰিছে৷সেই সময়তে আৰ্থিকভাৱে পিছপৰা ঘৰৰ ছাত্ৰী হৈয়ো কোনো চৰকাৰী চাকৰি তথা কোনো সাহাৰ্য আশা নকৰি ৰিতামণিয়ে ক্ষুদ্ৰ ব্যৱসায়ৰ যোগেদি আত্মনিৰ্ভৰশীল হ’বলৈ যত্ন কৰিছে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে ..

Comments (0)
Add Comment