আত্ম নিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাইছে শিক্ষিত যুৱকে

যুৱকজনৰ নাম দীপেন চুতীয়া। ঘৰ গোলাঘাট জিলাৰ ৰেংমা গাঁৱত। এগৰাকী উচ্চ শিক্ষিত ব্যক্তি। এইজন দীপেন চুতীয়াই লকডাউনৰ এই সময়ছোৱাত নিজৰ লগতে আন দহজন অসমীয়া যুৱকক আত্মনিৰ্ভৰশীল কৰি তুলিলে।
 
 
এই লকডাউনৰ সময়ছোৱাত দেশৰ অৰ্থনীতিত মন্দ অৱস্থালৈ গতি কৰিছে। কিয়নো লকডাউনে চাৰিওফালৰ পৰিবেশত তথা মানুহৰ জনজীৱন স্তব্ধ কৰি তুলিলে। এই সময়ছোৱাত অনাহকত বহি নাথাকি মাছৰ পোনাৰ ব্যৱসায়ৰ জৰিয়তে দীপেন চুতীয়াই দাঙি ধৰিছে স্ব নিৰ্ভৰশীলতাৰ এক উদাহৰণ।
 
 
দীপেন চুতীয়াই ইতিমধ্যে চাৰি পোৰা মাটিত কেইবাটাও পুখুৰী খান্দিছে। সমান্তৰালভাৱে বিক্ৰীৰ বাবে ৪০লাখতকৈও অধিক বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰি এৰি দিছে। উল্লেখ্য যে তেখেতৰ এই কামত  নিজৰ গাঁওৰ দহ গৰাকীকৈ অসমীয়া যুৱকক নিয়োগ কৰিছে। মাছৰ পোনাৰ সমান্তৰালভাৱে ব্ৰইলাৰ ফাৰ্ম, বৃহৎ পান খেতি তথা ধান খেতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা দীপেন চুতীয়াক তেখেতৰ তিনিগৰাকীকৈ ভ্ৰাতৃয়ে আগবঢ়াইছে বহুখিনি দিহা পৰামৰ্শ আৰু সহযোগিতা। আনহাতে উচ্চশিক্ষিত হৈও চৰকাৰী চাকৰিৰ বাবে আশা নকৰি নিজেই এনেধৰণেৰে আত্মনিৰ্ভৰশীল হোৱা দীপেন চুতীয়াক বিভিন্নজনে প্ৰশংসা কৰিছে।

Comments (0)
Add Comment