আদিল হুছেইন, দীপক কুমাৰ বৰঠাকুৰক– পিএইচডি প্ৰদান

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুর্থ দীক্ষান্ত সমাৰোহ দেওবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ এই দীক্ষান্ত সমাৰোহত ২০১৯–২০ বর্ষৰ মুঠ ১৬,৩৮১গৰাকী শিক্ষার্থীক স্নাতক, স্নাতকোত্তৰ ডিগ্রীৰ লগতে ডিপ্ল’মা প্রদান কৰা হয়৷ তদুপৰি দেওবাৰে ২২গৰাকী শিক্ষার্থীক পি এইচ ডি আৰু ১৫গৰাকী শিক্ষার্থীক এম ফিল প্রদান কৰা হয়৷ দেওবাৰে অনুষ্ঠানতে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক সন্মানীয় ডি লীট আৰু পি এইচ ডি ডিগ্রীও প্রদান কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাক্তন অধ্যাপক, বৈষ্ণৱ সাহিত্যৰ বিশেষজ্ঞ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীক সন্মানীয় ডি লীট ডিগ্রী প্রদান কৰে বিশ্ববিদ্যালয়খনে৷ সেইদৰে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ, বিশিষ্ট বড়ো সাহিত্যিক সুৰথ নার্জাৰী আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনক সন্মানীয় পি এইচ ডি প্রদান কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে৷ আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য তথা বিশিষ্ট শিক্ষাবিদ নাগেশ্বৰ ৰাৱে কয় যে মুক্ত আৰু দূৰ শিক্ষাৰ জৰিয়তে দেশৰ মুঠ ১১ শতাংশ শিক্ষার্থীয়ে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিছে৷ ক’ভিড মহামাৰীয়ে শিক্ষাখণ্ডলৈ কঢ়িয়াই অনা প্রত্যাহ্বানৰ মাজতে কেন্দ্রীয় চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা ‘ভাৰত পঢ়ে অনলাইন’–এ এইক্ষেত্রত নতুন আশা কঢ়িয়াই আনিছে৷
সমগ্র দেশতে বর্তমান ডিজিটেল আৰু প্রযুক্তি সম্বলিত শিক্ষাৰ গুৰুত্ব বাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে একবিংশ শতিকাৰ সমগ্র বিশ্বৰ শিক্ষা জগতৰ বাবে ডিজিটেল আৰু প্রযুক্তি সম্বলিত শিক্ষা মূল পৰিচালনা শক্তি হিচাপে বিবেচিত হ’ব৷ এই প্রসংগতে তেওঁ কয়– ‘ক’ভিড–১৯ৰ বাবে ঘোষণা কৰা ৰাষ্ট্রজোৰা লকডাউনৰ সময়ত পঢ়ন–শিকনৰ নতুন বিভিন্ন পদ্ধতিক লৈ পৰীক্ষা চলোৱাত সহায় কৰিছে৷ এই সময়ছোৱাত শিক্ষার্থীসকলক বাধাপ্রাপ্ত নোহোৱাকৈ শিক্ষা প্রদানৰ বাবে ফেচবুক লাইভ, গুগল ক্লাছ ৰুম, হোৱাটছএপ, জুম আদি শিক্ষকসকলে ব্যৱহাৰ কৰিছে৷ এই সময়ছোৱাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে কার্যকৰী পদক্ষেপ গ্রহণ কৰি বাধাপ্রাপ্ত নোহোৱাকৈ শিক্ষার্থীসকলক শিক্ষা প্রদান কৰিছে বুলি জানি অত্যন্ত আনন্দিত হৈছোঁ৷’ ইফালে, আজিৰ অনুষ্ঠানত পৰিচালনা কৰে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ কন্দর্প দাসে৷
দীক্ষান্ত সমাৰোহত আদৰণী ভাষণ প্রদান কৰি উপাচার্যগৰাকীয়ে কয় যে দীক্ষান্ত সমাৰোহৰ দিনটোৱে শিক্ষার্থীৰ মনলৈ সফলতা, সন্তুষ্টি আৰু পূর্ণতাৰ ধাৰণা কঢ়িয়াই আনে৷ আজীৱন শিক্ষাৰ চেতনাৰে উজ্জীৱিত এই বিশ্ববিদ্যালয়ৰ দুৱাৰ শিক্ষাগ্রহণত ইচ্ছুক সকলোৰে বাবে খোলা থাকিব বুলি উল্লেখ কৰে তেওঁ৷ উল্লেখ্য যে ২০০৬ চনত স্থাপন কৰা এই বিশ্ববিদ্যালয়খনৰ বর্তমান ৰাজ্যৰ ভিন্ন প্রান্তত থকা অধ্যয়ন কেন্দ্রৰ সংখ্যা হৈছে ৩০২টা৷ এই বিশ্ববিদ্যালয়খনে শিক্ষার্থীসকলৰ আগ্রহ আৰু প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ শেহতীয়াকৈ নতুন দিল্লীস্থিত জাপান ফাউণ্ডেচনৰ সহযোগত জাপানী ভাষা আৰু সংস্কৃতিৰ এক বিশেষ পাঠ্যক্রম প্রৱর্তন কৰিছে৷ একে সময়তে অনা–সমীয়া ভাষীসকলৰ বাবে অসমীয়া ভাষা শিক্ষণৰ পাঠ্যক্রমৰো পৰিকল্পনা কৰিছে বিশ্ববিদ্যালয়খনে৷ আজিৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ অৰূপজ্যোতি চৌধুৰীয়েও ভাষণ প্রদান কৰে৷

Comments (0)
Add Comment