আৰম্ভ হ’ল ভিয়েটনাম নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল

আজিৰে পৰা আৰম্ভ হয় ভিয়েটনাম নৰ্থ ইষ্ট ইণ্ডিয়া ফেস্টিভেল। উদ্ধোধনী অনুষ্ঠানত অসম, উত্তৰ-পূব তথা ভিয়েটনামৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ লগতে ১৫ খন প্ৰভিন্সৰ নেতৃত্ব উপস্থিত থাকে ।অসমৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মৃদুস্মিতা দাসৰ ‘ৰাম বন্দনা’ নৃত্যৰে শুভাৰম্ভণি ঘটা সন্ধিয়াটোত ভিয়েটনামৰ ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ আৰ্য, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন, হো চি মিনৰ বাহ্যিক সম্পৰ্ক বিভাগৰ পৰিচালক ট্ৰান ফুঅ’ক আন, হো চি মিনৰ পৰ্যটন সংস্থা, ভিয়েটনামৰ বিভিন্ন প্ৰভিন্সৰ বিভিন্ন বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে।

অনুষ্ঠানটোত দুয়োখন দেশৰে বহুকেইগৰাকী বিশিষ্ট উদ্যোগী, বিদ্বৎ সমাজৰ লোক, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, বিভিন্ন প্ৰচাৰ মাধ্যমৰ সম্পাদকসকলো উপস্থিত হয়। কাইলৈ ৰাতিপুৱা হ’বলগীয়া ট্যুৰিজিম মীটত প্ৰায় ৭০ জন ট্যুৰ অপাৰেটৰে অংশ ল’ব। আবেলিৰ ভাগলৈ হ’বলগীয়া ট্ৰেড আৰু ইনভেষ্টমেণ্ট মীটত ভাৰতৰ পৰা ড’নাৰ মন্ত্ৰণালয়, পৰ্যটন মন্ত্ৰণালয়, ইনভেষ্ট ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন ৰাজ্য চৰকাৰসমূহ যেনে অৰুণাচল, মেঘালয়, নাগালেণ্ড, মিজোৰাম ইত্যাদিৰ ইণ্ড্ৰাষ্টী, পৰ্যটন, সংস্কৃতি বিভাগৰ জ্যেষ্ঠ সচিবসকল আহিছে। অসম তথা উত্তৰ পূবৰ পৰা বহুকেইগৰাকী উদ্যোগী আহিছে। তাতে এখন ক্ৰেতা বিক্ৰেতা সন্মিলন হ’ব। অসমৰ চাহকে ধৰি উত্তৰ পূবৰ বিভিন্ন সামগ্ৰী ইয়ালৈ অনা হৈছে। পৰৱৰ্তী সময়ত এখন পিপুল টু পিপুল এক্সেঞ্জ মীট হ’ব। য’ত উত্তৰ পূবৰ তথা ভিয়েটনামৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল আহিছে। এই অনুষ্ঠানসমূহ ভিয়েটনামৰ বিখ্যাত ৰেক্স হোটেলত হ’ব। ভিয়েটনামৰ প্ৰসিদ্ধ ছে চেপ্তেম্বৰ টুৱেণ্টি থাৰ্ড পাৰ্কত প্ৰদৰ্শনী আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ হ’ব। ইয়াত প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া। প্ৰদৰ্শনীত উত্তৰ পূবৰ বিভিন্ন উৎকৃষ্ট সামগ্ৰীৰ প্ৰদৰ্শন হ’ব। সাংস্কৃতিক অনুষ্ঠানত উত্তৰ পূব আৰু ভিয়েটনামৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ’ব। আকৰ্ষণীয় ফেশ্বন শ্ব’ত উত্তৰ পূবৰ ডিজাইনাৰসকলে প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰিব ভিয়েটনামৰ ডিজাইনাৰসকলে। উত্তৰ পূবৰ বিভিন্ন ৰাজ্য মেঘালয়, মণিপুৰ, ছিকিম, নাগালেণ্ড, অসম ইত্যাদিৰ খাদ্যৰ বৃহৎ প্ৰদৰ্শন হ’ব।

Comments (0)
Add Comment