আৰম্ভ হ’ল যোৰহাট-মাজুলী ফেৰী সেৱা

আজিৰে পৰা আৰম্ভ হৈছে নিমাতীঘাট আৰু মাজুলীৰ মাজৰ ফেৰীসেৱা।লকডাউনৰ বাবেই প্ৰায় এমাহ ধৰি ফেৰীসেৱা বন্ধ হৈ আছিল।
 
 
 
আজিৰে ৫০ শতাংশ যাত্রীৰে আজিৰে পৰা পুনৰ আৰম্ভ হৈছে ফেৰীসেৱা। সামাজিক দূৰত্ব মানি চলাৰ উপৰিও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।মাজুলীৰ পৰা বিভিন্ন কামত যোৰহাটলৈ আহিব লগা আৰু যোৰহাটৰ পৰা মাজুলীলৈ যাব লগা বহু যাত্ৰীৰ বাবে এই সেৱা সুবিধাজন হ’ব।
 
 
অফলামুখ ফেৰীঘাট, দক্ষিণপাট ফেৰীঘাটকে ধৰি সকলো পাৰঘাটৰ পৰা নিয়মীয়াকৈ ফেৰী চলাচল হ’ব।স্মতৰ্ব্য যে বানপানী আৰু ক’ৰণাৰ বাবে এই ফেৰীসেৱা বন্ধ হৈ আছিল।

Comments (0)
Add Comment