ইণ্ডিয়া গেট,আইফেল টাৱাৰৰ আৰ্হি প্ৰস্তুত কৰিছে অসমৰ এজন যুৱকে

সৃষ্টিশীল কৰ্মই সদায় নতুনৰ সন্ধান দিয়ে। এতিয়া আপোনালোকে ইণ্ডিয়া গেট চাবলৈ ৰাজধানী দিল্লী আৰু আইফেল টাৱাৰ চাবলৈ সুদুৰ পেৰিছলৈকে নগ’লেও হ’ব।
 
 
কিয়নো এইখন অসমৰে এখন গাঁৱত এগৰাকী ১৭ বছৰীয়া যুৱকে সাজি উলিয়াইছে ভাৰত গৌৰৱ দিল্লীৰ ইণ্ডিয়া গেট আৰু পেৰিছৰ বিশ্ববিখ্যাত আইফেল টাৱাৰ। এই প্ৰতিভাধৰ যুৱকগৰাকীৰ নাম হৈছে দীপকং ধমনী। ঘৰ মাজবাটৰ কলিবাৰীত।
 
 
লকডাউনৰ সময়ছোৱাত ঘৰতে এনেয়ে বহি নাথাকি দীপে থাৰ্ম’ক’লৰ পৰা সাজি উলিয়াইছে ভাৰতবৰ্ষৰ গৌৰৱ দিল্লীৰ ইণ্ডিয়া গেট আৰু পেৰিছৰ বিশ্ববিখ্যাত আইফেল টাৱাৰ। সুদূৰ পেৰিছৰ বিশ্ববিখ্যাত ১৪০বছৰীয়া আইফেল টাৱাৰ চাবলৈ সমগ্ৰ বিশ্বৰে ভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি সমাগম হয়।
 
আইফেল টাৱাৰৰ ৰূপ সৌন্দৰ্য তথা ইয়াৰ সমগ্ৰ দিশটো এবাৰ চাবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰে। এই আইফেল টাৱাৰৰ মোহ সামৰিব নোৱাৰি মাজবাটৰ ১৭ বছৰীয়া যুৱক দীপে নিজৰ ঘৰৰ চোতালতে সাজি উলিয়াইছে আইফেল টাৱাৰ। পেৰিছৰ আইফেল টাৱাৰ চাবলৈ সমাগম কৰা মানুহৰ দৰে এতিয়া দীপে সাজি উলিওৱা থাৰ্ম’ক’লৰ আইফেল টাৱাৰ চাবলৈ অসংখ্য মানুহ গৈছে। দীপৰ এই আকৰ্ষণীয় কামক  ইতিমধ্যে সকলোৱে শলাগ লৈছে।

Comments (0)
Add Comment