ইতিবাচক কামেৰে বাৰ্তা বিলালে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীত

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী। সমগ্ৰ অসমতে শ্ৰদ্ধাৰ শিল্পী গৰাকীক স্মৰণ কৰি বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা বাতৰি পোৱা গৈছে। এইবাৰ পৰিবহন বিভাগে ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি জালুকবাৰীৰ সমাধি ক্ষেত্ৰৰ সমীপত পথ সুৰক্ষা সজাগতা গীত “আহ আহ ওলাই আহ” উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, অসম চৰকাৰৰ মুখ্য সচিব, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে শিল্পী বিশ্বজিৎ সুত্ৰধৰে নিৰ্মাণ কৰা ড০ ভূপেন হাজৰিকাৰ মৃণ্ময় মূৰ্তি প্ৰদৰ্শিত হয়। জানিব পৰা মতে অহা পহিলা জানুৱাৰীত মুকলি হ’বলগীয়া সংগ্ৰহালয়ত এই মৃণ্ময় মূৰ্তিটো সংৰক্ষণ হ’ব।

আনহাতে জ্যোতিচিত্ৰবনৰ প্ৰাংগনত আজি অনুষ্ঠিত হ’ল সুধাকণ্ঠক স্মৰণ আৰু কৃতজ্ঞতা জ্ঞাপন শীৰ্ষক এক অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠক স্মৰণ কৰি বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰে। সুধাকণ্ঠক শ্ৰদ্ধা জনাই জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই এনেদৰে কয়- ড০ ভূপেন হাজৰিকাই বিচাৰিছিল যে জ্যোতি চিত্ৰবনে সামাজিক, সাংস্কৃতিক দিশত সেৱা আগবঢ়াওক। Profit Making Organisation হিচাপে নহয়, সমাজৰেই এক অনুষ্ঠান হৈ ৰওক। তেখেত চিন্তা, বক্তব্য আজি কিছু হ’লেও সাৰ্থক হৈছে। চৰকাৰে জ্যোতি চিত্ৰবনক মেৰামতি কৰি ন ৰূপত গঢ় দিছে। আৰু কি দৰে বিজ্ঞান সন্মত প্ৰণালীবদ্ধ প্ৰচেষ্টাৰে অসমীয়া চিনেমাক আগুৱাই নিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা অব্যাহত ৰাখিছে।  

উল্লেখযোগ্য যে প্ৰথম বাৰলৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত চিনেমা চাই Best Viewer ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা মিহিৰ বৰুৱা আৰু শ্যামলী বৰুৱাক আনুষ্ঠানিক ভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। জানিব পৰা মতে, এই বিশেষ বৰুৱা  দম্পত্তিয়ে প্ৰায় ২১খন চিনেমা চাই কেৱল দৰ্শকক উৎসাহিত কৰায়ে নহয়, Social Media যোগে প্ৰচাৰ চলাইছিল।

Comments (0)
Add Comment