উত্তৰ গুৱাহাটীৰ এটা জলপ্ৰপাতে সকলোকে আকৰ্ষিত কৰিছে

গ্ৰীষ্মকালত জলপ্ৰপাত চাবলৈ আপুনি শ্বিলং, চেৰাপুঞ্জীলৈ যায় নেকি ? পিছে এতিয়া আপুনি জলপ্ৰপাত চাবলৈ সুদূৰ মেঘালয়লৈ যাব নালাগে।
 
লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ এটা জলপ্ৰপাতে সকলোকে আকৰ্ষিত কৰিছে। উত্তৰ গুৱাহাটীৰ বৰ বাকাত হঠাৎ আবিৰ্ভাৱ হোৱা এটা বৃহৎ জলপ্ৰপাতে সমগ্ৰ উত্তৰ গুৱাহাটীবাসীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে ।
 
 
বিশেষকৈ যুৱচামৰ মাজত আনন্দৰ জোৱাৰ তুলিছে এই বিশেষ নয়নাভিৰাম জলপ্ৰপাতে । কিয়নো গ্ৰীষ্ম কালৰ সময়ত জলপ্ৰপাতৰ মজা ল’বলৈ এতিয়া অন্য ঠাইলৈ যোৱাটো সম্ভৱ নহয় ,সেয়েহে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপৰ এই জলপ্ৰপাতলৈ যুৱচামৰ সোঁত বৈছে ।
 
কোনোৱে যদি চেল্ফি উঠিছে , কোনোৱে আকৌ ভিডিঅ’ কৰিছে । পাহাৰৰ ওপৰৰ পৰা অহৰ্নিশে বাগৰি অহা ৰহস্যময় জলপ্ৰপাতৰ নান্দনিক দৃশ্য চাবলৈ অগণন লোকৰ ঢাপলি মেলিছে । জলকেলিৰ আনন্দত লক ডাউন পাহৰি আনন্দত মতলীয়া সকলো । মুঠতে সকলোৱে মহামাৰীৰ সন্ত্ৰাসৰ মাজতে নিজৰ নিজৰ ধৰণে আনন্দত মতলীয়া হৈছে ।
 
প্ৰকৃতিৰ নান্দনিক পৰিবেশত নিজক বিলীন কৰি আনন্দ উপভোগ কৰিছে  । আপুনিও যদি জলপ্ৰপাত চাবলৈ বিয়াকুল তেন্তে পলম নকৰি আহিব পাৰে উত্তৰ গুৱাহাটী বাকা অঞ্চললৈ ।

Comments (0)
Add Comment