উদ্যোগকালীন দূৰ্ঘটনা ৰোধৰ বাবে আখৰা অনুষ্ঠিত

তেল শোধনাগাৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰস্তুত কৰা উদ্যোগ প্ৰতিষ্ঠানত যিকোনো দূৰ্ঘটনা সংঘটিত হলে পৰৱৰ্তী সময়ত তাক কেনেকৈ ৰোধ বা প্ৰশমন কৰিব পাৰি সেই সম্পৰ্কীয় “উদ্যোগকালীন দূৰ্ঘটনা” প্ৰশমন বিষয়ক এক যৌথ আখৰা ২৫ জুনত উত্তৰ গুৱাহাটীৰ অভয়াপুৰীস্থিত ভাৰতীয় তেল নিগম লিমিটেডৰ (আই.অ’.চি.এল) বটলিং প্লাণ্টৰ চৌহদত অনুষ্ঠিত হয়।
 
 
 
 
যৌথ আখৰাত আই অ চি এল, প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সামৰি বাহিনী (এন ডি আৰ এফ) আৰু ৰাজ্যিক দুৰ্যোগ সামৰি বাহিনীৰ (এছ ডি আৰ এফ) ১৫৫ গৰাকী আপদকালীন কৰ্মী-উদ্ধাৰকাৰী বিষয়া জোৱানে ভাগ লয়। আনহাতে যৌথ আখৰাত ভাগ লোৱা প্ৰধান এন ডি আৰ এফ বাহিনীৰ দলটোৱে তেল, গেছৰ সৈতে জড়িত উদ্যোগ প্ৰতিষ্ঠান সমূহত দুৰ্ঘটনা সংঘটিত হলে তাৰ অধিক ক্ষয়-ক্ষতি নহ’বলৈ ব্যৱস্থা কৰা, আক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ তৎপৰাৰে স্থানান্তৰ কৰা, আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা আদি কাৰ্য সমূহ প্ৰদৰ্শন কৰা হয়।

Comments (0)
Add Comment