ঋতুপৰ্ণ পেগু পুত্ৰৰ দায়িত্ব ল’লে এজন মানৱদৰদীয়ে

আজিও শেষ হোৱা নাই মানৱতা। মানৱতাৰ জয়গান গাই এচাম মনৱদৰদী লোকে সহায় কৰে সমাজৰ আৰ্তজনক। কালি মহানগৰীৰ ৰাজপথত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড। এটা সামান্য কথাতে প্ৰাণ হেৰুৱালে ঋতুপৰ্ণ পেগুৱে। এই খবৰ চ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে বহুজনে দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনায়।
 
 
ইয়াৰ সমান্তৰালভাৱে ঋতুপৰ্ণ পেগু পৰিয়ালৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহে সুৰঞ্জন জি দত্ত। ভাৰতীয় জনতা পাৰ্টীৰ মিডিয়া আই টি চেলৰ সুৰঞ্জন জি দত্তই ঋতুপৰ্ণ পেগুৰ পুত্ৰ গেৰি পেগুৰ ১৮ বছৰ বয়সলৈকে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে পূৰ্বৰ পৰাই ঋতুপৰ্ণ পেগু লগত দত্তৰ  পূৰ্বৰ পৰাই এক যোগসূত্ৰ আছিল।
 
 
আনহাতে ঋতুপৰ্ণ পেগুৰ নিঠৰুৱা পৰিয়ালটোৰ কাষত আজি উপস্থিত হয় যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন। স্বামীৰ অকাল মৃত্যুত ভাগি পৰা ঋতুপৰ্ণ পেগুৰ পত্নী এলিনা পেগুৰ হাতত পঞ্চাশ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে অনুপ বৰ্মনে। ইয়াৰ উপৰি পৰৱৰ্তী সময়ত ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডত জড়িত থকা সকলো দোষীয়ে যাতে কঠোৰ শাস্তি পাই এই ক্ষেত্ৰত আইনী খৰচৰ সকলো ব্যয় যুৱমৰ্চাই বহন কৰাৰ কথা ঘোষণা কৰে ৷

Comments (0)
Add Comment