এইচ ডি এফ চি বেংকে মুকলি কৰিলে ভি ডি অ’ কেৱাইচিৰ সুবিধা’

এইচ ডি এফ চি বেংকে শেহতীয়াকৈ ভিডিঅ’ কেৱাইচি সুবিধা মুকলি কৰিছে।এই পাইলট প্ৰকল্পৰ সফল সামৰণিৰ পিছত এইচডিএফচি বেংকে সুৰক্ষিত পৰিৱেশত একাউণ্ট খোলাৰ সময়ত প্ৰত্যাশী গ্ৰাহকৰ পৰিচয় সাব্যস্ত কৰাৰ বৈকল্পিক পদ্ধতি হিচাপে সন্মতিযুক্ত ভিডিঅ’ কেৱাইচিৰ প্ৰৱৰ্তন কৰিছে।
 
প্ৰত্যাশী গ্ৰাহকে এতিয়া নিজৰ ঘৰ অথবা কাৰ্য্যালয় মাত্ৰ কেইদিনমান ভিতৰতে সম্পূৰ্ণ কেৱাইচি প্ৰদান কৰি বেংকটোৰ বিশ্বমানৰ সেৱা আৰু সামগ্ৰী সুবিধা লাভ কৰিব পাৰে। এই ভিডিঅ’ কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন,সুৰক্ষিত আৰু তাৎক্ষণিক। ই কাগজবিহীন, সংস্পৰ্শবিহীন তথা বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত হোৱা কথোপকথন বাণীবদ্ধ প্ৰক্ৰিয়াৰে সুৰক্ষিত।
শাখা বেংকিং,ডিজিটেল বেংকিং,ৰিটেল এছেটৰ সংবদ্ধ দলে এজাই পডৰ দ্বাৰা এই ভিডিঅ’ কোৱাইচি সেৱা প্ৰৱৰ্তন কৰিছে।এইচ ডি এফ চি বেংকত বিভিন্ন এজাইল পডে গ্ৰাহকৰ বাবে নতুন সামগ্ৰী আৰু সেৱা ক্ষেত্ৰত কাম কৰি আছে।ই বেংকটো দক্ষতা তথা কৌশলগত প্ৰকল্প বাবে বিভিন্ন দলৰ সামৰ্থ ঐতিহ্য বহনকাৰী অন্যান্য দুৰদৃষ্টি হিচাপে বিবেচিত হৈছে।
 
বেংকটোৰ ৰিটেলৰ শাখা বেংকিঙৰ দলীয় মুৰব্বী অৰবিন্দ বোৰহাই ভিডিঅ’ কেৱাইচি মুকলি কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে উক্ত সুবিধাৰ জৰিয়তে গ্ৰাহকলৈ প্ৰযুক্তিসম্বলিত সেৱা আগবঢ়োৱা উদ্দেশ্য সাধন হ’ব।
 
এই ভিডিঅ’ কোৱাইচি সুবিধাৰ ছেভিংছ আৰু কৰ্প’ৰেট দৰমহা একাউণ্ট তথা ব্যক্তিগত ঋণৰ বাবে বৰ্তমানে আবন্টিত কৰা হৈছে যদিও পিছলৈ ইয়াক অন্য সেৱালৈ সম্প্ৰসাৰিত কৰা হ’ব।আৰ বি আইৰ নিৰ্দেশনা অনুসৰি সফল ভিডিঅ’ কেৱাইচি সমাপন সম্পূৰ্ণ কেৱাইচিৰ সমপর্যায়ৰ আৰু ইয়াৰ জৰিয়তে গ্ৰাহকে সকলো ধৰণৰ বিত্তীয় ,বেংকিং সেৱাৰ বাবে যোগ্য হৈ পৰে।ই পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে কৰ্ম দিন সমূহত উপলব্ধ।
ভিডিঅ’ কেৱাইচি বাবে গ্ৰাহকে বেংক এপ্লিকেচনত আধাৰ অটিপিভিত্তিত ইকেবাইচিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। তেওঁলোকে প্ৰকৃত পানকাৰ্ডখন হাতত পোৱাকৈ ৰাখিব লাগিব । তাৰোপৰি গ্ৰাহকে ভাৰতৰ যিকোনো ঠাইত ভিডিঅ’ কেৱাইচি প্ৰদান কৰা বাবে উপযুক্ত ডাটা সংযোগৰ সৈতে এটা স্মাৰ্ট ফোন হাতত ৰখাটো আৱশ্যক হ’ব।
 
গ্ৰাহকে বেংকৰ ৱেবচাইটত, প্লেষ্টোৰত উপলব্ধ ইনষ্টা একাউণ্ট অপেনিং এপৰ জৰিয়তে তেওঁ আধাৰ কেৱাইচি সম্পন্ন কৰাৰ পিছত বেংকৰ কৰ্মচাৰী সৈতে সংযোজিত হ’ব আৰু ভিডিঅ’ কেৱাইচি প্ৰদান কৰিব লাগিব।
সাধাৰণতে ভিডিঅ’ কোৱাইচি বেংক বিষয়াই গ্ৰাহকৰ তথ্য পৰীক্ষা কৰে।গ্ৰাহকৰ আলোকচিত্ৰ তথা পানকাৰ্ডৰ আলোকচিত্ৰ গ্ৰহণ কৰে। ভিডিঅ’ কেৱাইচি সময়ত হোৱা অভিঅ’ – ভিডিঅ’ বাৰ্তা লাভ একাউন্টটো চুড়ান্তভাৱে সক্রিয় হোৱা পূৰ্বে পৰীক্ষণ কৰা হয়।

Comments (0)
Add Comment