এইবাৰৰ ৰাখী বন্ধনত লোকচানৰ সন্মুখীন হ’ল ৰঙা চীন

আজি পৱিত্ৰ ৰাখীবন্ধন। হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ এক পৱিত্ৰ উৎসৱ। যি উৎসৱে ভাতৃত্ববোধ আৰু সমন্বয়ৰ পৰিচয় দাঙি ধৰে।
 
 
ৰাখী বন্ধনৰ  লগত উপলক্ষ্যে প্ৰতি বছৰে বজাৰত নানা ধৰণৰ ৰং বিৰঙৰ ৰাখী উপলব্ধ হয়।  বিশেষকৈ অসমৰ বজাৰত চীনৰ পৰা অহা বিভিন্ন ধৰণৰ ৰাখীয়ে বজাৰ ভৰি পৰে।
 
 
কিন্তু এইবাৰ ভাৰত আৰু চীনৰ সংঘৰ্ষ হোৱা পিছতেই ভাৰতে চীনা সামগ্ৰী বৰ্জন কৰিছে । এই সময়তে CAIT নামৰ সংগঠনটোয়ে হিন্দুস্তানী অভিযান শীৰ্ষক এক অভিযান আৰম্ভ কৰিছে। যি অভিযানত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। সংগঠন টোৱে প্ৰকাশ কৰা তথ্য অনুযায়ী এইবাৰ ৰাখীত ৪,০০০কোটি টকা চীনে লোকচান কৰিছে।
 
 
ইতিমধ্যে এই সংগঠনটোৱে বিভিন্ন ধৰণৰ ৰাখী প্ৰস্তুত কৰি সীমান্ত নিয়োজিত জোৱান সকললৈ প্ৰেৰণ কৰিছে।

Comments (0)
Add Comment