এক অনুষ্ঠান

প্ৰসিদ্ধ অসমীয়া গহনা প্ৰতিষ্ঠান প্ৰজাপতিয়ে পাটমাদৈ শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰিছে। অহা ২৯ জুলাইত অসম ৰাজ্যিক মিউজিয়াম প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত বহু কেই গৰাকী প্ৰতিভাসম্পন্ন নাৰীয়ে অংশগ্ৰহণ কৰিব। এই কথা জানিব দি কবিতা দত্ত গোস্বামীয়ে কয় যে প্ৰজাপতিয়ে নাৰী সবলীকৰণৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এনে অনুষ্ঠান আয়োজন কৰিছে। আশা কৰা হৈছে ইয়াৰ জৰিয়তে নাৰীসকলে এখন সুকীয়া মঞ্চ পাব। উল্লেখযোগ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি গান, নাচ আৰু আবৃত্তি অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment