এক আশাৰ খবৰ-বনাঞ্চল সংৰক্ষণ কৰিছে এদল প্ৰকৃতিপ্ৰেমীয়ে

চৰাইদেউ জিলাৰ জলবায়ুৰ বহুখিনি নিৰ্ভৰ কৰা চলা গ্ৰাম্য অভয়াৰণ্যক ইয়াৰ পূৰ্বৰ সজীৱ অৱস্থা ঘুৰাই আনিবলৈ বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’চাইটিয়ে। শেহতীয়াকৈ চ’চাইটিখনৰ সদস্য পিয় চেং চউবলু, সুকুমাৰ শ্যাম, প্ৰাচুৰ্য শ্যাম, তুলন শ্যামকে ধৰি বহু সংখ্যক সদস্যই অভয়াৰণ্যখনৰ ৰক্ষণাবেক্ষণ কৰিবলৈ নিজকে নিয়োজিত কৰিছে।
 
 
 
চলা সংৰক্ষিত বনাঞ্চলক চলা গ্ৰাম্য অভয়াৰণ্য নামেৰে নামাকৰণ কৰাৰ পাছত অব্যাহত ৰাখিছে বনানীকৰণ কাৰ্যসূচী। চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ নেতৃত্বত চলাপথাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাইজে অব্যাহত ৰাখিছে এই কাৰ্যসূচীৰ। চ’চাইটিৰ অন্তৰ্গত চলাপথাৰ শ্যাম গাঁও , খনা চাহ বাগিচা, পানীবিল, বনগাঁও, কলাখাটিৰ সদস্যসকলে গ্ৰাম্য অভয়াৰণ্য খনৰ মুক্ত অঞ্চলত পুলি ৰোপন কৰিবলৈ বিগত দুদিনত চাফ চিকুনৰ কাম অব্যাহত ৰাখিছে।
 
 
 
আনহাতে চ’চাইটিখনৰ লগত বন বিভাগৰ মাজত হোৱা বুজাবুজিৰ ভিত্তিত গ্ৰাম্য অভয়াৰণ্য খনৰ এক বৃহৎ মুক্ত অঞ্চলত পাঁচ বছৰৰ বাবে পুলি ৰোপন আৰু প্ৰতিপালনৰ বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে।এক বৃহৎ সংখ্যক স্বেচ্চাসেৱী থকা চ’চাইটিখনে বিগত বৰ্ষৰ পৰিবেশ দিৱসৰ পৰা বন মহোৎসৱলৈকে সময়খিনত অভয়াৰণ্যখনত প্ৰায় ১০০০০ পুলি ৰোপন কৰি প্ৰতিপালন কৰি আছে।
খবৰ যুগুতালে সোনাৰিৰ পৰা অভিজিত ভূঞাই..

Comments (0)
Add Comment