এখন আদৰ্শ বিদ্যালয়ৰ কথা

সীমান্তৱৰ্ত্তী অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়। বিদ্যালয় খনৰ নাম নয়াকুজু প্ৰাথমিক বিদ্যালয়। গুণগত মানদণ্ড শিক্ষা, আদৰ্শগত কৰ্মৰাজীৰ বাবে আজি nefocus.com ৰ সুখবৰ শিতানত স্থান লাভ কৰিলে। আচলতে আমি সদায় সচেষ্ট থাকো, এক প্ৰয়াস কৰো এনেধৰণৰ ইতিবাচক খবৰবোৰ যোগান ধৰাৰ বাবে। তেন্তে আহকচোন, খবৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ।

সাধাৰণতে চৰকাৰী বিদ্যালয় বুলিলে কিছু সংখ্যক চৰকাৰী নীতি, নিয়ম, ব্যৱস্থাৰ মাজতে সীমাবদ্ধ। কিন্তু এই বিদ্যালয়খন বহুক্ষেত্ৰত কিছু ব্যতিক্ৰম। ব্যতিক্ৰম শিক্ষক সকল, বিদ্যালয় পৰিচালনা কমিটি তথা অভিভাৱক সকল। যাৰ আপাহত অশান্ত জৰ্জ এটা সীমামুৰীয়া অঞ্চলৰ পৰাই ৰচিছে  সোণোৱালী ভবিষ্যতৰ সপোন।

তিনিচুকীয়া জিলাৰ পেঙেৰীৰ নয়াকুজু পথাৰ নামৰ এখন ঠাইত এই বিদ্যালয়খন অৱস্থিত। প্ৰধান শিক্ষক অতুল সোণোৱালৰ দ্বাৰা পৰিচালিত বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২১২ জন।

ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰা, শৈক্ষিক আৱাসিক শিবিৰ অনুষ্ঠিত কৰা, বিজ্ঞানৰ উদ্ভাৱনী বিদ্যালয় স্থাপন কৰা, ফলমূলৰ বাগিছা স্থাপন কৰা, সাংস্কৃতিক বাতাবৰণৰ বাবে শনিবৰীয়া চ’ৰা অনুষ্ঠিত কৰা ইত্যাদিবোৰ কাম ইতিমধ্যে বিদ্যালয়খনে কৰিছে। এই সম্পৰ্কে এই বিদ্যালয়ৰ শিক্ষক হোমেন চাংমায়ে এনেদৰে কয়- আমি বিদ্যালয় খনক গুণগত বিদ্যালয় হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰয়াস কৰিছো। সমাজ, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান সকলো দিশ সামৰি বিদ্যালয়খনক ন ৰূপেৰে গঢ় দিয়াত চেষ্টা চলাইছো। ইতিমধ্যে একত্ৰীকৰণ হৈ আমাৰ বিদ্যালয়খনৰ নাম শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় হ’ল। চাকৰিৰ সময়সুচীতকৈও অধিক সময় আমি ছাত্ৰ ছাত্ৰীক সময় দিও। যাতে তেওঁলোকে সুচাৰু ৰূপে আগবাঢ়িব পাৰে।

নয়াকুজু প্ৰাথমিক বিদ্যালয়ৰ এনেদৰে কৰ্মৰাজীৰ বাবে বিশেষভাৱে চৰ্চা লাভ কৰিছে। প্ৰিয় পাঠক, আপোনাৰ যদি ভাল লগা, বিশেষ ক্ষেত্ৰত বিশেষ, বিদ্যালয় দৃষ্টিগোচৰ হৈছে অথবা নজৰত আছে আমলৈ লিখিবলৈ নাপাহৰিব। আমাৰ ইমেইল nefocus5@gmail.com

Comments (2)
Add Comment
  • Babul Thapa

    নয়াকুজু প্ৰাথমিক বিদ্যালয় অৰ্থাৎ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষকবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকললৈ শুভেচ্ছা জনালোঁ। আপোনালোকৰ এই মহান প্ৰচেষ্টা সকলোৰে বাবে আদৰ্শ হৈ ৰব। বিদ্যালয় খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

    • Humen Changmai

      অশেষ ধন্যবাদ মহোদয় ।