এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ

নিচাযুক্ত দ্ৰৱ্য মানৱ জাতিৰ বাবে অতি ভয়ানক। ই কেৱল সেৱন কৰাজনকেই ক্ষতিগ্ৰস্ত নকৰে বৰঞ্চ সমাজৰ বাবে, পৰিয়ালৰ বাবে এক অশুভ বাৰ্তা কঢ়িয়াই আনে। যোৱা ২৬ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰৱ্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপিত হয়। এই দিৱসৰ লগত সংগতি ৰাখি আজি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে গুৱাহাটীৰ জিলা পুথিভৰালত এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰে। নিচাযুক্ত দ্ৰৱ্যৰ অপকাৰীতা আৰু ৰাজ্যখনৰ পৰা নিচাযুক্ত দ্ৰৱ্য মুক্ত কৰাৰ উদ্দেশ্যে সভাত বিভিন্ন জনে সংকল্প লয়। উল্লেখযোগ্য যে বিভিন্ন স্কুল, কলেজৰ শিক্ষাৰ্থী এন জি অ, নিচাযুক্ত কেন্দ্ৰত  চিকিৎসাধীন ব্যক্তি, ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠানৰ পৰা অহা ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইতিপূৰ্বে এইদিৱসৰ উপলক্ষ্যে বাটৰ নাট, সজাগতা সভা অনুষ্ঠিত হৈছিল। 

মান্

Comments (0)
Add Comment