এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ব্যতিক্ৰমী প্ৰচেষ্টা

নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক।নাম জয়বাবু সিংহ ।শিক্ষক গৰাকী ব্যক্তিগত প্ৰচেষ্টাত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গঢ় লৈ উঠিছে এখন বাগিচা।দিনটোৰ অধিকাংশ সময় বাগিচাখনৰ কামতে ব্যস্ত থাকে লংকা হাই স্কুলৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। চৰকাৰ অথবা আন কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায়ৰ অবিহনে গাঁঠিৰ ধন ভাঙি ২০১৭ চনতে বাগিচাখন আৰম্ভ কৰিছিল। এই পৰ্যন্ত সাত লক্ষাধিক ধন খৰচ কৰি বাগিচা খনত বিভিন্ন প্ৰজাতি ফুল গছ ৰোপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে। সমান্তৰালকৈ বাগিচাখনত ডাল ভৰি লাগিছে বিভিন্ন প্ৰজাতিৰ সুস্বাদু ফল।উল্লেখযোগ্য যে পথচোৱা সৌন্দৰ্য্যবৰ্ধন আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাত লৈছে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। অৱসৰপ্ৰাপ্ত শিক্ষকজনে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে নগাঁওবাসী মাজত চৰ্চা লাভ কৰিছে।পৰিৱেশ সংৰক্ষণ আৰু কৰ্মৰ মাজতে এইগৰাকী ব্যক্তিয়ে বিচাৰি পাইছে প্ৰাপ্তিৰ আনন্দ।

Comments (0)
Add Comment