এথলেটিক্সত নিজ গৰৈমাৰীৰ মৰমী ৰয়ৰ ৰূপৰ পদক

শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ নিজ গৰৈমাৰী গাঁও পঞ্চায়তৰ চলাগাঁৱৰ মৰমী ৰয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক্স চেম্পিয়নশ্বীপত তিনিটাকৈ ৰূপৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । মৰমী ৰয়ে চেন্নাইত অনুষ্ঠিত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বীপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তিনিটাকৈ ৰূপৰ লাভ কৰে। ৰয়ৰ এই সাফল্যত সকলো আনন্দিত হৈ পৰিছে।

বাতৰি যুগুতালে প্ৰাঞ্জল প্ৰতিম বৰাই

Comments (0)
Add Comment