এন আৰ এলে আৰোগ্য নিধিলৈ ৫ কোটি আগবঢ়াইছে

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড ১৯ সৈতে বিশ্বই মোকাবিলা কৰি থকাৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দায়িত্ব পালন কৰা মাজত এক দায়িত্বশীল ক’ৰ্পাৰেট হিচাপে এন আৰ এলে নিজ  কৰ্তব্য পালন কৰিবলৈ আগবাঢ়ি আহিছে।এই দুৰ্যোগৰ সময়ত  কোম্পানীটোৱে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰু অসম আৰোগ্য নিধিলৈ সমভাৱে বিতৰণ কৰিব পৰাকৈ ৫ কোটি টকা সাহাৰ্য্য আগবঢ়াইছে।
 
 
 
ইয়াৰ পূৰ্বে ক’ভিড ১৯ বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৩১মাৰ্চত কোম্পানীটোৱে ভাৰতৰ পি এম কেয়াৰ্চ ফাণ্ডলৈ ২৫কোটি টকা আগবঢ়াইছিল ।অন্য তেল আৰু গেছ পি এচ ইউৰ সৈতে সহযোগ কৰি একত্ৰিত ভাৱে ১০৩১কোটি টকা সাহাৰ্য্য নিধিলৈ আগবঢ়াইছিল।
 
 
 
 
ক’ভিড ১৯ ৰ খবৰ বিশ্বজুৰি বিয়পাৰ সময়ৰে পৰা এন আৰ এলৰ প্ৰতিজন কৰ্মচাৰী,এজেণ্ট নিয়মানুসৰি স্বাস্থ্য বিধি অনুসৰণ কৰি সামাজিক ব্যৱধান মানি সুচাৰুৰূপে কাৰ্য্য সম্পাদন কৰি আহিছে।ইয়াৰ উপৰিও জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।শোধনাগাৰৰ সমীপৱৰ্তী অঞ্চল তেলগৰম আৰু কানাইঘাটত অগ্নিনিৰ্বাপক বাহনেৰে বীজাণুনাশক দ্ৰব্য চটিওৱা উল্লেখযোগ্য।ক’ৰ্পাৰেট চ’চিয়েল ৰেচপনচিবিলিটিৰ অনুযায়ী এন আৰ এলে স্বাস্থ্য কৰ্মী আৰু ফণ্টলাইন কৰ্মীসকলৰ সুবিধাৰ অৰ্থে স্থানীয় দৰ্জীৰ দ্বাৰা মাস্ক তৈয়াৰ কৰিবলৈ লৈছে।

Comments (0)
Add Comment