এন ই ফ’কাচ ডট কমৰ দ্বিতীয় বৰ্ষপুৰ্তি অনুষ্ঠান

ইতিবাচক খবৰে সমৃদ্ধ অসমৰ অন্যতম নিউজ প’ৰ্টেল Nefocus.com য়ে অহা ১৫ আগষ্টত দুবছৰ অতিক্ৰম কৰি তৃতীয় বৰ্ষত ভৰি দিব। বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক অনুষ্ঠানৰ আয়োজন কৰে। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। ৰত্ন দাসে আত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই। উদ্দেশ্য ব্যাখ্যা কৰি সংগীতা শইকীয়াই কয় যে, ইতিবাচক খবৰ সমাজত যোগান ধৰি সুস্থ জনমত গঠন কৰা উদ্দেশ্য প’ৰ্টেলটো আৰম্ভ কৰা হৈছিল। বৰ্তমান ভিজিটৰৰ সংখ্যা ৬ লাখ অতিক্ৰম কৰিছে। অনাগত দিনত পৰ্যটন ক্ষেত্ৰ বিষয়ৰ ওপৰত কাম কৰাৰ পৰিকল্পনা আছে বুলি মন্তব্য কৰে। উল্লেখ্যযোগ্য যে, এন ই ফ’কাচ ডট কমৰ দুবছৰীয়া যাত্ৰাৰ খতিয়ান দাঙি ধৰি এটা Video clip প্ৰদৰ্শন কৰে।

ইয়াৰ সমান্তৰালভাৱে গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কত এক আলোচনা চক্ৰ অনু্ষ্ঠিত হয়। আলোচনা চক্ৰত সংবাদ মাধ্যম হিচাপে এন ই ফ’কাচৰ ভূমিকা আৰু সাংবাদিকৰ থাকিবলৈ গুণৰ সম্পৰ্কে বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাই মন্তব্য কৰি এন ই ফ’কাচৰ ডট কমৰ ভুমিকাৰ সম্পৰ্কে শলাগ লয়। অনুষ্ঠানটোত সাংবাদিক ৰনেন গোস্বামী, সমাজকৰ্মী নৰেন হাজৰিকা, লেখিকা মণিষা শৰ্মা আৰু বহু কেইজন সংবাদ জগতৰ ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment