এন চি চিক পুনৰ গতিশীল কৰি ন ৰূপ দিয়াৰ প্ৰচেষ্টা অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাৰ

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত আৰু দেশৰ প্ৰতিৰক্ষাৰ দ্বিতীয় শৰীৰ বাহিনীৰ লগতে সৰ্ববৃহৎ যুৱ সংগঠন হিচাপে পৰিচিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কাম কাজৰ প্ৰশিক্ষণ  দেশত যোৱা মাৰ্চ মাহৰ মাজভাগৰ পৰা চলি আছে।
 
 
 
 
তথাপিও ১৫ আগষ্টত নতুন দিল্লীত ৭৪ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সাগৰীয় উপকূলীয় অঞ্চল আৰু আন্তৰ্জাতিক সীমান্তৰে আবৃত ৰাজ্য সমূহত নতুনকৈ এক লাখ এন চি চি কেডেটক বাহিনীটোক ভৰ্ত্তি কৰাবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ক নিৰ্দেশ দিছে।
 
 
এই নিৰ্দেশৰ পাছতেই দেশৰ আন মণ্ডলৰ দৰে এন চি চি শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান এডি জি হিচাপে কিছুদিন পূৰ্বে যোগদান কৰা অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাই কৰি ন ৰূপ দিয়াৰ প্রচেষ্টা আৰম্ভ কৰিছে।
 
 
ভাৰতীয় সেনাত এজন দক্ষ, সাহসী আৰু নিষ্ঠাবান বিষয়া হিচাপে সুনাম থকা মেজৰ জেনেৰেল অনন্ত ভূঞাই টেলিফোনেৰে শ্বিলঙৰ পৰা জানিবলৈ দিয়া মতে ক’ভিডৰ বাবে শিক্ষানুষ্ঠান সমূহ পাঁচমাহৰো অধিক দিন ধৰি বন্ধ হৈ থকাত এন চি চিৰো নিয়মীয়া কাম-কাজ প্ৰশিক্ষণ আদি বহুখিনি বাধাগ্ৰস্থ হৈছে। তৎস্বতেও ক’ভিড প্ৰট’কল মানি এন চি চি কেডেটৰ ভৰ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

Comments (0)
Add Comment